নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’লা ধনত চলে তবলিগী জামাতঃ ছাদৰ সম্পত্তি জব্দৰ দাবী

অধিবক্তা অশ্বিনী উপাধ্যায়ৰ উচ্চতম ন্যায়ালয়ত আৱেদন

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ নতুন দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত তবলিগী জামাতৰ সদস্যই ক’ৰোনাৰ বাহক হৈ দেশব্যাপী বিপদ কঢ়িয়াই অনাৰ পিছতেই তবলিগী জামাতক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। উচ্চতম ন্যায়ালয়ৰ অধিবক্তা তথা বিজেপি নেতা অশ্বিনী উপাধ্যায়ে তবলিগী জামাত ক’লা ধনৰ দ্বাৰা পৰিচালিত হৈ আছে বুলি অভিযোগ উত্থাপন কৰি জামাতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আৱেদন জনাইছে সৰ্বোচ্ছ ন্যায়ালয়ত। আৱেদনখনত নিজামুদ্দিন মাৰ্কাজৰ মুৰব্বী মৌলানা ছাদৰ সা-সম্পত্তি জব্দ কৰাৰো দাবী জনোৱা হৈছে। উল্লেখ্য যে মাৰ্কাজৰ মুৰব্বী আৰু তবলিগী জামাতৰ বিদেশী ৰাষ্ট্ৰৰ লগত সম্পৰ্ক আছে। ইয়াৰ লগত নামী বেনামী অনেক সম্পত্তি আৰু ইয়াৰ বাবে চৰকাৰে ক’লা ধন বেনামী সম্পত্তি আৰু আয়তকৈ অধিক সম্পত্তি থকাৰ অভিযোগত গোচৰ ৰুজু কৰিব লাগে।

You might also like