নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় খাবলৈ দিয়া গৰম পানী কৰ্মচাৰীৰ ওপৰত ঢালিলে চিআৰপিএফৰ বিষয়াই, তদন্ত আৰম্ভ

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ চিআৰপিএফৰ এজন উপ-মহাপৰিদর্শক (ডিআইজি)ৰ বিৰুদ্ধে কেণ্টিনৰ কৰ্মচাৰীৰ মুখত গৰম পানী ঢলাৰ গুৰুত্বৰ অভিযোগ উঠিছে ।

উল্লেখ্য যে এই ঘটনা বিহাৰৰ ৰাজগীৰত সংঘটিত হৈছিল ।

ইপিনে কৰ্মচাৰীজনৰ শৰীৰৰ লগতে মুখৰ কিছু অংশ জ্বলি যোৱা দেখা গৈছিল । বৰ্তমান আহত অমল খৰাত নামৰ কর্মচাৰী জন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ঘটনা অনুসৰি, ডি কে ত্রিপাঠি নামৰ ডিআইজিজনে খাবৰ বাবে কেণ্টিনৰ কৰ্মচাৰীজনক গৰম পানী বিচাৰিছিল । কিন্তু কৰ্মচাৰীজনে জুখতকৈ বেছি গৰমকৈ পানীখিনি যোগান ধৰিছিল যাৰ বাবে বিষয়াগৰাকীয়ে পানী খাব পৰা নাছিল । সেই খঙতে বিষয়াগৰাকীয়ে গৰম পানীখিনি কৰ্মচাৰীজনৰ মুখলৈ মাৰি পঠিয়াই আৰু লগতে তেওঁৰ শৰীৰতো ঢালি দিয়ে ।

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত চিআৰপিএফৰ মুখ্য কাৰ্যালয়ে আইজি পৰ্যায়ৰ বিষয়াক এই ঘটনাৰ তদন্ত কৰিবলৈ নিয়োগ কৰিছে । লগতে এই তদন্তৰ সকলো নথি অহা ১০ জানুৱাৰীৰ ভিতৰত জমা দিবলৈ নিৰ্দেশ দিছে ।

You might also like