নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘৰতে তৈয়াৰী মাস্ক ব্যৱহাৰ কৰিবলৈ দেশবাসীক আহ্বান কেন্দ্ৰীয় চৰকাৰৰ

নিয়মীয়া বাৰ্তা ৫ এপ্ৰিলঃ মহামাৰী ক’ৰোনা ভাইৰাছত আক্ৰান্ত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ ঘৰতে তৈয়াৰী মাস্ক ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰে। ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি ঘৰতে তৈয়াৰী মাস্ক ব্যৱহাৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি সামূহিক তথা সামাজিক সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ দেশবাসীয়ে ঘৰতে তৈয়াৰী মুখ আৰু মুখমণ্ডল সুৰক্ষিত কৰিব পৰা মাস্ক ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেশত কভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা প্ৰায় ৩ হাজাৰ আৰু মৃতকৰ সংখ্যা ৭০ৰো অধিক বুলি প্ৰকাশ কৰাৰ পাছতেই কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছ। উনুকিয়াও যে বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্য়ে কভিড-১৯ ৰ মহামৰী ৰোধ কৰাৰ ক্ষেত্ৰত সকলো নাগৰিককে চিকিৎসা সামগ্ৰী হিচাপে ব্যৱহাৰ নকৰা মাস্ক ব্যৱহাৰ কৰাত অনুমোদন
জনাইছে। এনেধৰণৰ মাস্ক যিকোনো লোকেই ব্যৱহাৰ কৰিব পাৰিব তথা সাধাৰণ জ্বৰ-কাহত ভোগা লোকসকলেও এই মুখা ব্যৱহাৰ কৰাত অনুমোদন জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই। ইপিনে কভিড-১৯ সংহাৰী ৰূপ লোৱা আমেৰিকা যুক্তৰাষ্ট্ৰতো সকলো নাগৰিকক সাধাৰণ মুখা ব্যৱহাৰ কৰিবলৈ ৰাষ্ট্ৰপতি ট্ৰাম্পে অনুমতি জনাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰত নাগৰিকসকলে যি কোনো বস্ত্ৰৰে তৈয়াৰী মাস্ক পিন্ধিব পাৰে বুলি দেশখনৰ চেণ্টাৰ ফৰ ডিজিছ কণ্ট্ৰল এণ্ড প্ৰিভেনচন য়ে অনুমোদন জনাইছে। ইতিমধ্যে ভাৰততো সাধাৰণ শ্ৰেণীৰ লোকসকলে ঘৰতে তৈয়াৰী মুখা পিন্ধি আহিছে। কিয়নো বজাৰত প্ৰয়োজনীয় মাস্কৰ নাটনি হৈ আছে।

You might also like