নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসক ৱেনলিয়াঙৰ মৃত্যুত ক্ষোভৰ উদ্গীৰণ

ক’ৰোনাৰ সতর্কবাণীৰ পিছতো গুৰুত্ব দিয়া নাছিল বেইজিং প্রশাসনে

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণত চীনত ৬ শতাধিক লোকে প্রাণ হেৰুওৱা ঘটনাক লৈ সমগ্র দেশখনত আতংক অব্যাহত থকাৰ সময়তে ক’ৰোনা সন্দর্ভত প্রথম সতর্কবাণী কৰা ৱুহানৰ চিকিৎসক লি ৱেনলিয়াঙৰ মৃত্যু হোৱা ঘটনাই দেশখনত সৃষ্টি কৰিছে চাঞ্চল্য৷ লি ৱেনলিয়াং ক’ৰোনা সংক্রমিত ৰোগীক চিকিৎসা কৰি থকাৰ সময়তেই ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈছিল৷ উল্লেখনীয় যে যোৱা ডিচেম্বৰ মাহত সতীর্থ চিকিৎসকসকললৈ ক’ৰোনা ভাইৰাছ সন্দর্ভত এক বার্তা প্রেৰণ কৰিছিল লিয়ে৷ বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে এই বার্তাত উল্লেখ কৰিছিল যে তেওঁ তৰাসদৃশ এবিধ ভাইৰাছৰ সন্ধান পাইছে৷ লক্ষণীয়ভাৱে লিয়ে এই বার্তা প্রেৰণ কৰাৰ পিছতে চিকিৎসকগৰাকীক আৰক্ষীয়ে ভুৱা তথ্যৰে আতংক বিস্তাৰ নকৰিবলৈ সতর্কবাণী শুনাইছিল৷ আনকি অপপ্রচাৰ চলোৱাৰ অভিযোগত লিৰ বিৰুদ্ধে তদন্তও চলাইছিল চীনা আৰক্ষীয়ে৷ শেহতীয়াকৈ চিকিৎসকগৰাকীৰ মৃত্যুৰ সংবাদ প্রকাশ পোৱাৰ লগে লগে চীনৰ বিভিন্ন স্থানত ক্ষোভৰ উদ্গীৰণ ঘটিছে৷ স্মর্তব্য যে ভাইৰাছবিধৰ মাৰাত্মক ৰূপ সন্দর্ভত চীন চৰকাৰে পূর্বৰে পৰা তথ্য গাপ দিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে৷ চিকিৎসক লিয়ে কৰা সতর্কবাণীক গুৰুত্ব দিয়া হ’লে ক’ৰোনা ভাইৰাছে আজি দেশখনত মাৰাত্মক ৰূপ ধাৰণ নকৰিলেহেঁতেন বুলিও বিভিন্ন মহলে ক্ষোভ উজাৰিছে৷ স্মর্তব্য যে বর্তমানলৈ ক’ৰোনাত চীনত ৬৩৬গৰাকী লোকে প্রাণ হেৰুওৱাৰ উপৰি ৩১,১৬১গৰাকীয়ে চিকিৎসা গ্রহণ কৰি আছে৷

You might also like