নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ দেশৰ সন্মানীয় শিক্ষা প্রতিষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ)ৰ চৌহদৰ এটা পথৰ নামকৰণ হিন্দুত্ববাদৰ আদর্শ ভি ডি সাভাৰকাৰৰ নামেৰে কালি নামকৰণ কৰা হৈছিল৷ লক্ষণীয়ভাৱে ভি ডি সাভাৰকাৰৰ নামফলক জে এন ইউ চৌহদত আঁৰি দিয়া হৈছিল যদিও দুর্বৃত্তই এই নামফলকত ক’লা ৰং সানি ইয়াৰ তলত বি আৰ আম্বেদকাৰ মার্গ বুলি নতুন নামফলক আঁৰিছে৷ অচিনাক্ত দুর্বৃত্তই কালি ভি ডি সাভাৰকাৰৰ নামফলক বিকৃত কৰা বুলি দিল্লী আৰক্ষীক অভিযোগ কৰিছে৷
উল্লেখনীয় যে ছুবানছিৰ ছাত্রাৱাসৰ সমীপৰ এটা পথৰ নাম দেওবাৰে নিশা ভি ডি সাভাৰকাৰ মার্গ বুলি নামকৰণ কৰা হৈছিল৷ এই ঘটনাক গৰিহণা দিছিল জে এন ইউৰ ছাত্র একতা সভাই৷ আনকি জে এন ইউ ছাত্র একতা সভাৰ সভানেত্রী ঐশি ঘোষে সাভাৰকাৰৰ নামফলক আঁৰি দিয়া ঘটনাক লজ্জাজনক আখ্যা দিছিল৷ গতিকে শেহতীয়া এই বিষয়টোক কেন্দ্র কৰি জে এন ইউত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি৷ অৱশ্যে আৰক্ষীয়ে এই ঘটনা সন্দর্ভত কোনো লোকক তাৎক্ষণিকভাৱে চিনাক্ত কৰা নাই৷