নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিচেম্বৰত জিএছটি সংগ্রহ ১.০৩ লাখ কোটি টকা

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ ২০১৯ বর্ষৰ ডিচেম্বৰ মাহত সামগ্রী আৰু সেৱা কৰ চমুকৈ জি এছ টি ১,০৩,১৮৪ কোটি টকা সংগ্রহ কৰা হৈছে৷

ইয়াৰে চি জি এছ টি ১৯,৯৬২ কোটি, এছ জি এছ টি ২৬,৭৯২ কোটি আৰু আই জি এছ টিৰ পৰিমাণ হ’ল ৮৪,০৯৯ কোটি টকা৷

যোৱা মাহত দেশীয় লেনদেনত জি এছ টি ১৬ শতাংশ বৃদ্ধি পালে৷ আনহাতে, ২০১৮ চনৰ ডিচেম্বৰত জি এছ টি সংগ্রহৰ পৰিমাণ আছিল ৯৭,২৭৬ কোটি৷

উল্লেখ্য যে ইয়াৰ পূর্বে নৱেম্বৰ মাহত জি এছ টিৰ পৰিমাণ আছিল ১,০৩,৪৯২ কোটি টকা৷

You might also like