নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্জাৱ বিধানসভাত গৃহীত ‘কা’ৰ বিৰুদ্ধে প্রস্তাৱ

নিয়মীয়া বাৰ্তা,১৮ জানুৱাৰীঃ কেৰালা চৰকাৰৰ পিছত পঞ্জাব চৰকাৰে এইবাৰ বিধানসভাত নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী প্রস্তাৱ গৃহীত কৰিছে ৷ কংগ্রেছশাসিত ৰাজ্যখনত নাগৰিকত্ব সংশোধনী আইন বলৱৎ নহ’ব বুলি প্রস্তাৱ গ্রহণ কৰা হৈছে ৷ উল্লেখনীয় যে বিতর্কিত এই আইন প্রত্যাহাৰৰ দাবী জনাইছে ৰাজ্যখনৰ মুখ্যমন্ত্রী অমৰিন্দৰ সিঙে ৷ শুকুৰবাৰে বিধানসভাৰ বিশেষ অধিৱেশনৰ দ্বিতীয় দিনা এই প্রস্তাৱ উত্থাপন কৰে মন্ত্রী ব্রাম মহিন্দ্রাই ৷ উল্লেখনীয় যে যোৱা ১৪ জানুৱাৰীত কেৰালাৰ মুখ্যমন্ত্রী পিনাৰায়ি বিজয়নে এই আইনক অসাংবিধানিক আখ্যা দি উচ্চতম ন্যায়ালয়ত ইয়াক প্রত্যাহ্বান জনাই এক আবেদন দাখিল কৰিছে৷ ভাৰতীয় সংবিধানে প্রদান কৰা সমতাৰ অধিকাৰক এই আইনে উলংঘা কৰা বুলি অভিযোগ আনিছে বিজয়ন চৰকাৰে৷ লক্ষণীয়ভাৱে বিজয়ন চৰকাৰৰ এই কঠোৰ স্থিতিৰ পিছতে পঞ্জাব চৰকাৰে বিধানসভাত ইয়াৰ বিৰুদ্ধে গ্রহণ কৰিছে প্রস্তাৱ ৷

You might also like