নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফেব্রুৱাৰীত উত্তৰ প্রদেশত ডিফেন্স এক্সপ’

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ অহা ফেব্রুৱাৰীত উত্তৰ প্রদেশত প্রথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ডিফেন্স এক্সপ’–২০২০৷ দেওবাৰে লক্ষ্ণৌত কেন্দ্রীয় প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং আৰু উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে যুটীয়াভাৱে আয়োজন কৰা এক সংবাদ মেলত এই কথা ঘোষণা কৰে৷

মুখ্যমন্ত্রী আদিত্যনাথে কয় যে ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব লগা এই ডিফেন্স এক্সপ’ৰ প্রস্তুতি চলাই থকা হৈছে৷ উত্তৰ প্রদেশত এক্সপ’ অনুষ্ঠিত কৰাৰ সুযোগ দিয়াৰ বাবে মুখ্যমন্ত্রীজনে প্রধানমন্ত্রী মোদী আৰু প্রতিৰক্ষামন্ত্রী সিঙক ধন্যবাদ জনায়৷ ৰাজনাথ সিঙে ডিফেন্স এক্সপ’–২০২০ আন্তঃৰাষ্ট্রীয় পর্যায়ৰ গুৰুত্বপূর্ণ এক্সপ’ হ’ব বুলি কয়৷

You might also like