নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথৰ পদত্যাগ

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথৰ পদত্যাগ। আস্থা ভোটৰ পূৰ্বে সংবাদমেল পাতি পদত্যাগ কৰিলে কমল নাথে। আজি বিধান সভাত আস্থা ভোটৰ সন্মুখীন হোৱাৰ কথা আছিল কমল নাথ কিন্তু আস্থা ভোটত পৰাজয় নিশ্চিত হোৱাৰ পিছতেই পদত্যাগ কৰিলে কমল নাথে। মধ্যপ্ৰদেশ বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে প্ৰয়োজন ১০৪টা ভোটৰ। জ্যোতিৰাদিত্য সিন্ধিয়াৰ পদত্যাগৰ পাছতেই ২২জন বিধায়কে পদত্যাগ কৰিছিল। ফলত বিজেপিয়ে আস্থাভোটৰ সন্মুখীন হ’বলৈ দাবী উত্থাপন কৰিছিল। কিন্তু নিজৰ পৰাজয় স্বীকাৰ কৰি পদত্যাগ কৰিলে কমল নাথে।

You might also like