নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বার্জিল ইমামক ৫ দিনৰ আৰক্ষীৰ জিম্মাত

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ অসমক কেন্দ্র কৰি বিচ্ছিন্নতাবাদকাৰী মন্তব্য কৰা ‘কা’বিৰোধী প্রতিবাদকাৰী তথা জেএনইউৰ ছাত্র শ্বার্জিল ইমামক কালি বিহাৰত গ্রেপ্তাৰ কৰাৰ পিছত কালি আদালতে পাঁচ দিনৰ আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰিছে৷ ৰাষ্ট্রদ্রোহৰ অপৰাধত গ্রেপ্তাৰ কৰা শ্বার্জিলক কালি দিল্লীলৈ আনি পাটিয়ালা হাউছ ক’টত হাজিৰ কৰায় আৰক্ষীয়ে৷

উল্লেখ্য যে অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ হুংকাৰ দিয়া এক ভিডিঅ’ ২৬ জানুৱাৰীত প্রচাৰ হোৱাৰ পিছতে দেশজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল আৰু দিল্লী, বিহাৰ, অসম, অৰুণাচল প্রদেশ, উত্তৰ প্রদেশ আৰু মণিপুৰত শ্বার্জিলৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল৷

You might also like