নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত পুনৰ কেজৰিৱাল !

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ । ইতিমধ্যে নিৰ্বাচনক লৈ বিভিন্ন সংবাদ মাধ্যমে আৰম্ভ কৰিছে সমীক্ষা । এবিপি নিউজৰ সমীক্ষা অনুসৰি এইবাৰো দিল্লীত বিজয় নিচান উৰিব কেজৰিৱালৰ ।

বিগত ২০১৯ বৰ্ষত পাঁচ ৰাজ্যৰ পৰা ক্ষমতাচ্যুত হোৱা বিজেপিয়ে নতুন বছৰত যে আকৌ এবাৰ মুখথেকেচা খাব সেইটো নিশ্চিত । বিগত দিল্লী বিধানসভা নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছক পৰাভূত কৰি আম আদমি পাৰ্টীয়ে যি বিজয় সাব্যস্ত কৰিছিল এইবাৰো যেন তাৰ ব্যতিক্ৰম নহ’ব ।

৭০ খন আসনৰ দিল্লী বিধানসভাত যোৱাটো নিৰ্বাচনত আম আদমি পাৰ্টীয়ে ৬৭ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপি লাভ কৰিছিল মাত্ৰ ৩ খন আসন । ঠিক তেনেদৰে এইবাৰৰ সমীক্ষাত এবিপি নিউজে উল্লেখ কৰিছে যে, এইবাৰ কিছু পৰিমাণে আসন হ্ৰাস পালেও ৫৯ খন আসন পাব । যোৱাটো নিৰ্বাচনত আপৰ ভোটৰ শতাংশ আছিল ৫৫ । একেদৰে বিজেপিয়ে ২৬ শতাংশ পাব যিটো যোৱা বিধানসভা নিৰ্বাচনতকৈ ৬ শতাংশ কম । কংগ্ৰেছৰ ভোটও ৫ শতাংশ হ্ৰাস পাব বুলি উল্লেখ কৰিছে এই সমীক্ষাত ।

উল্লেখ্য যে, আগন্তুক ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ১১ ফেব্ৰুৱাৰীত । অৱশ্যে ফলাফলৰ পাচতহে দিল্লীৰ মচনদত কোন বহিব সেয়া স্পষ্ট হ’ব ।

You might also like