নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ গুৱাহাটীৰ ৰূপক কুমাৰ শর্মা নামৰ এজন ৰোগীৰ ৰাজহাড়ৰ এক জটিল অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন কৰি ৰোগীক স্বাভাৱিক জীৱন দিবলৈ সক্ষম হৈছে হায়দৰাবাদৰ মাল্টিস্পেচিয়েলিটী যশোদা হাস্পতালে৷
ৰোগীগৰাকীয়ে দীর্ঘদিন ধৰি কঁকালৰ বিষ অনুভৱ কৰি অসহ্য বিষত থিয় দিব নোৱাৰা অৱস্থা হৈছিল৷ উক্ত হাস্পতালৰ ৰাজহাড় বিশেষজ্ঞ ডাঃ ভেংকট ৰামকৃষ্ণ টিয়ে অত্যাধুনিক অণুবীক্ষণ যন্ত্র ব্যৱহাৰ কৰি ‘মাইক্র’স্কোপিক ডাইছেক্টমী’ অস্ত্রোপচাৰ সম্পন্ন কৰে৷ এনে জটিল পদ্ধতিৰে অস্ত্রোপচাৰ কৰাৰ পিছত ৰোগীয়ে ক্ষিপ্রতাৰে আৰোগ্য লাভ কৰে৷