নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭১ পিতৃহাৰা যুৱতীৰ সমূহীয়া বিবাহ সম্পন্ন গুজৰাটৰ ছুৰাটত

হীৰা ব্যৱসায়ী মহেশ ছাভানিয়ে বহন কৰিলে সমস্ত খৰচ

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ গুজৰাটৰ ধনকুবেৰ হীৰা ব্যৱসায়ী মহেশ ছাভানিয়ে পূর্বৰ বর্ষবোৰৰ দৰে এইবাৰো দুদিনীয়াকৈ ২৭১গৰাকী পিতৃহাৰা যুৱতীৰ সমূহীয়া বিবাহ সম্পন্ন কৰাইছে ৷ ছুৰাটত শনিবাৰে এক বৃহৎ জনসমাৱেশৰ মাজত এই সমূহীয়া বিবাহ কার্য সম্পন্ন কৰা হয় ৷ স্মর্তব্য যে ছাভানিয়ে ২০১০ চনৰ পৰাই এনেদৰে পিতৃহাৰা বহু যুৱতীৰ বিবাহ সম্পন্ন কৰাই আহিছে ৷ হীৰা ব্যৱসায়ী ছাভানিৰ মতে, এয়া তেওঁৰ এক সামাজিক দায়বদ্ধতা ৷ ছুৰাটত শনিবাৰ আৰু দেওবাৰে দুদিনীয়াকৈ এই বিবাহ কার্য সম্পন্ন কৰা হৈছে টাপি নদীৰ পাৰত ৷

উল্লেখনীয় যে এই যুৱতীসকলৰ ভিতৰত পাঁচগৰাকী মুছলমান আৰু নেপালৰ পৰা অহা এগৰাকী যুৱতীও আছে ৷ অকল গুজৰাটৰেই নহয়, যুৱতীসকলৰ দুগৰাকী উত্তৰ প্রদেশৰ, পাঁচগৰাকী মহাৰাষ্ট্রৰ আৰু ঝাৰখণ্ড তথা ওড়িশাৰ এগৰাকীকৈ যুৱতীও আছে এই বিবাহপাশত আবদ্ধ হোৱা কইনাসকলৰ ভিতৰত৷ স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি, যুৱতীসকলক বিয়াৰ বাবে প্রয়োজনীয় সকলো সামগ্রী প্রদান কৰিছে ছাভানিয়ে ৷

স্মর্তব্য যে ২০১২ চনত ২৩গৰাকী যুৱতীৰ এনেদৰে সমূহীয়া বিবাহ সম্পন্ন কৰিছিল হীৰা ব্যৱসায়ীগৰাকীয়ে ৷ প্রতিবছৰে এই সমূহীয়া বিয়াত বৃদ্ধি পাইছে যুৱতীৰ সংখ্যা ৷ এতিয়ালৈকে মহেশ ছাভানিয়ে মুঠ ৩,১৭২গৰাকী যুৱতীক বিবাহপাশত আবদ্ধ হোৱাৰ ক্ষেত্রত সহায় কৰিছে ৷ লক্ষণীয়ভাৱে ইয়াৰ বেছিভাগ যুৱতীৰ বিয়াৰ সমস্ত খৰচ বহন কৰিছে হীৰা ব্যৱসায়ীগৰাকীয়ে৷ এই কার্যৰ জৰিয়তে মহেশ ছাভানিয়ে বিভিন্ন মহলৰ প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷

You might also like