নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এডিআৰৰ সমীক্ষা : দেশৰ একমাত্ৰ ডক্টৰেট ডিগ্ৰীধাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিশেষ বাৰ্তা, ১৮ এপ্রিলঃ দেশৰ বর্তমানৰ মুখ্যমন্ত্রীসকলৰ ভিতৰত একমাত্র ডক্টৰেট ডিগ্রীধাৰী মুখ্যমন্ত্রী হৈছে অসমৰ ড০ হিমন্ত বিশ্ব শর্মা৷ নির্বাচন আয়োগত দাখিল কৰা শপতনামাৰ তথ্যৰ আধাৰত এচ’চিয়েশ্বন ফ’ৰ ডেম’ক্রেটিক ৰিচার্ছ (এডিআৰ) আৰু ইলেকচন ৱাটছে প্রকাশ কৰা প্রতিবেদনত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই হৈছে একমাত্র ডক্টৰেট ডিগ্রীধাৰী মুখ্যমন্ত্রী৷ ২৮খন ৰাজ্য আৰু ২ কেন্দ্রীয়শাসিত অঞ্চল দিল্লী আৰু পডুচেৰিক ধৰি ৩০ মুখ্যমন্ত্রীৰ ভিতৰত ৩৭ শতাংশ মুখ্যমন্ত্রী স্নাতক ডিগ্রীধাৰী, ১৪ শতাংশ পেছাগত স্নাতক আৰু ৩ ০শতাংশ স্নাতকোত্তৰ ডিগ্রীধাৰী৷ নির্বাচন আয়োগৰ শপতনামাৰ আঘাৰত এডিআৰৰ প্রতিবেদনত প্রকাশ পোৱা মতে, তিনি শতাংশ মুখ্যমন্ত্রী দশম শ্রেণী উত্তীর্ণ৷ মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী একনাথ সিন্দে হৈছে সবাটোকৈ কম শৈক্ষিক অর্হতাসম্পন্ন৷ তেওঁ মাত্র দশম শ্রেণী উত্তীর্ণ৷ ইয়াৰ বিপৰীতে ১০ শতাংশ মুখ্যমন্ত্রী দ্বাদশ শ্রেণী উত্তীর্ণ৷ দ্বাদশ শ্রেণী উত্তীর্ণ মুখ্যমন্ত্রী হৈছে ঝাৰখণ্ডৰ হেমন্ত চ’ৰেন, পঞ্জাবৰ ভগৱন্ত মান আৰু কেৰালাৰ পিনৰায়ি বিজয়ন৷ স্নাতকোত্তৰ ডিগ্রীধাৰী মুখ্যমন্ত্রীকেইগৰাকী হৈছে ছত্তিশগড়ৰ ভূপেশ ৱাঘেল, মেঘালয়ৰ কনৰাড চাংমা, ত্রিপুৰাৰ মাণিক সাহা, গোৱাৰ প্রমোদ শ্বাৱন্ত, মধ্যপ্রদেশৰ শিৱৰাজ সিং চৌহান, ৰাজস্থানৰ অশোক গেহলট, উত্তৰাখণ্ডৰ পুষ্কৰ সিং ধামি আৰু পশ্চিমবংগৰ মমতা বেনার্জী৷ উল্লেখ্য যে একমাত্র ডক্টৰেট ডিগ্রীধাৰী অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজনীতি বিজ্ঞানত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্রী লাভ কৰাৰ লগতে আইনৰ স্নাতকো৷ তেওঁ ৰাজনীতি বিজ্ঞানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট অৱ ফিল’ছফি সম্পূর্ণ কৰিছে৷ অর্থাৎ তেওঁ ৰাজনীতি বিজ্ঞানত ডক্টৰেট ডিগ্রীধাৰী৷

You might also like