নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ৰ বিধিবদ্ধ নিয়ম প্রস্তুতঃ ছাব–অর্ডিনেট কমিটীৰ কার্যকাল বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৫ জুনঃ বহুবিতর্কিত নাগৰিকত্ব সংশোধনী আইন (কা) সংসদত গৃহীত হোৱাৰ পাছত ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দৰ অনুমোদন লাভ কৰিলেও এতিয়াও ইয়াৰ বিধিবদ্ধ নিয়ম প্রস্তুত হোৱা নাই৷ এনে প্রেক্ষাপটত ‘কা’ৰ বিধিবদ্ধ নিয়ম প্রস্তুতৰ বাবে ৰাজ্যসভা আৰু লোকসভাৰ ‘কমিটী অন ছাব অর্ডিনেট লেজিছলেচন’ৰ কার্যকাল পুনৰ তিনি মাহলৈ বৃদ্ধি কৰা হৈছে৷

উল্লেখ্য যে লোকসভাৰ ‘কমিটী অন ছাব অর্ডিনেট লেজিছলেচন’ৰ কার্যকাল যোৱা ৯ এপ্রিলতে উকলি গৈছে৷ এতিয়া তিনি মাহ সময় বৃদ্ধি কৰাৰ লগে লগে ইয়াৰ কার্যকাল অহা ৯ জুলাইলৈ থাকিব৷ সেইদৰে ৰাজ্যসভাৰ ‘কমিটী অন ছাব অর্ডিনেট লেজিছলেচন’ৰ কার্যকাল অহা ৯ জুলাইলৈ আছে৷ তিনি মাহ বৃদ্ধিৰ লগে লগে কার্যকাল থাকিব অহা ৯ অক্টোবৰলৈ৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ২০১৯ চনৰ ডিচেম্বৰ মাহত ‘কা’ গৃহীত হৈছিল সংসদৰ মজিয়াত৷ ইয়াৰ পাছত ২০২০ চনৰ জানুৱাৰী মাহত ‘কা’ত ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে অনুমোদন জনাইছিল৷

You might also like