নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম কৃষি বিশ্ববিদ্যালয়ত জে আৰ এফৰ ২ পদ

অসম কৃষি বিশ্ববিদ্যালয়ত খালী হৈছে জে আৰ এফৰ ২টা পদ৷ নেচনেল এগ্রিকালচাৰেল হায়াৰ এডুকেচন প্রজেক্টৰ অধীনত পূৰ কৰা হ’ব৷ জে আৰ এফ– বেকাৰী এণ্ড কনফেকচনাৰী পদৰ প্রার্থী কমিউনিটী ছায়েঞ্চ বিষয়ত এম এছ চি আৰু ফুড ছায়েঞ্চ এণ্ড নিউট্রিয়েচনত বিশেষ পাৰদর্শিতা থকাটো জৰুৰী৷ দৰমহা মাহে ২৮,০০০ টকা লাভ কৰিব৷ সাক্ষাৎকাৰ ১৪ আগষ্ট, ২০২০ তাৰিখে দিনৰ ১১.৩০ বজাত অনুষ্ঠিত হ’ব৷ সাক্ষাৎকাৰ গুগ্ল মীটৰ মাধ্যমেৰে অনুষ্ঠিত হ’ব৷ বয়স সর্বোচ্চ ৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷

আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদন ই–মেইলযোগে[email protected] ১৩ আগষ্টৰ পূর্বে পোৱাকৈ প্রেৰণ কৰিব লাগিব৷ আনহাতে, জে আৰ এফ– বায়’পোষ্টছাইডছ পদৰ বাবে প্রার্থী এগ্রিকালচাৰ বিষয়ত এম এছ চি হোৱাৰ লগতে প্লাণ্ট পেথ’লজী/ এণ্টম’লজী/ নেমাটেলজী বিষয়ত জ্ঞান থকা হ’ব লাগিব৷ দৰমহা মাহে ২৮,০০০ টকা লাভ কৰিব৷ সাক্ষাৎকাৰ ১২ আগষ্ট, ২০২০ তাৰিখে দিনৰ ১১.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ সাক্ষাৎকাৰ গুগ্ল মীটৰ মাধ্যমেৰে অনুষ্ঠিত হ’ব৷ বয়স সর্বোচ্চ ৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷

আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদন ই–মেইলযোগে[email protected] ১১ আগষ্টৰ পূর্বে পোৱাকৈ প্রেৰণ কৰিব লাগিব৷ বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ বাবে ৱেবছাইটwww.aau.ac.in/data/ recruitment/ Advt-JRF-Bakery, www.aau.ac.in/data/recruitment/ লগ ইন কৰিব পাৰে৷

You might also like