নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাৰ চৰকাৰী আদর্শ মহাবিদ্যালয়ত ৩২ পদ

গোলাঘাটৰ কাজিৰঙাস্থিত চৰকাৰী আদর্শ মহাবিদ্যালয়ত খালী হৈছে ৩২ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি অধ্যক্ষই এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞানৰ তথ্য অনুসৰি– সহকাৰী অধ্যাপকৰ ২১ পদ, লাইব্রেৰী এছিছটেণ্টৰ ১টা পদ, জুনিয়ৰ এছিছটেণ্টৰ ৩টা পদ, লাইব্রেৰী বীয়েৰাৰৰ ১টা পদ, গ্রেড–৪ৰ ৪টা পদ আৰু চকীদাৰৰ ২টা পদ৷ সহকাৰী অধ্যাপকৰ ২১টা পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– ইংৰাজী (৩), অসমীয়া (৩), অর্থনীতি (৩), শিক্ষাতত্ত্ব (৩), ৰাজনীতি বিজ্ঞান (৩), ইতিহাস (৩), সমাজতত্ত্ব (৩) আৰু গ্রন্থাগাৰিক (১)৷ আনহাতে, অনাশিক্ষকৰ ১১টা পদৰ লাইব্রেৰী এছিছটেণ্ট (১), জুনিয়ৰ এছিছটেণ্ট (৩), লাইব্রেৰী বীয়েৰাৰ (১), গ্রেড–৪ (৪) আৰু চকীদাৰ (২)বিভাগত পূৰণ কৰা হ’ব৷ প্রার্থীৰ বয়স ১ জানুৱাৰী, ২০২০লৈ সর্বোচ্চ ৩৮ বছৰ৷

বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ সহকাৰী অধ্যাপকৰ পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ ৫৭,৭০০–১,৮২,৪০০ টকা, লাইব্রেৰী এছিছটেণ্ট–জুনিয়ৰ এছিছটেণ্ট পদৰ প্রার্থীয়ে মাহে ১৪,০০০–৪৯,০০০ টকাসহ ৫,৬০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ লাইব্রেৰী বীয়েৰাৰ, গ্রেড–৪ আৰু চকীদাৰ পদৰ প্রার্থীয়ে মাহে ১২,০০০–৩৭,৫০০ টকাসহ ৪,৪০০/৩,৯০০/৩,৯০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ সহকাৰী অধ্যাপক পদৰ প্রার্থীয়ে ডিমাণ্ড ড্রাফটযোগে ২,০০০ টকা পৰিশোধ কৰিব লাগিব৷ অৱশ্যে অনাশিক্ষক পদৰ প্রার্থীয়ে এই মাচুল পৰিশোধ কৰিব নালাগে৷

আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদন ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন প্রেৰণৰ ঠিকনা–Principal, Govt. Model College, Kaziranga, Golaghat, P.O. Kaziranga, Pin : 785609 (Assam)৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২০ আগষ্ট, ২০২০৷

You might also like