নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডিয়ান অইলত ৫৭ পদৰ বিজ্ঞাপন

বিগত ছয় দশকজুৰি খাৰুৱা তেল উৎপাদন আৰু বিপণনৰ ক্ষেত্রত অনবদ্য বৰঙণি আগবঢ়োৱা ইণ্ডিয়ান অইল কর্প’ৰেচন লিমিটেডত(Indian Oil Corporation Ltd.) খালী হৈছে ভিন্নবর্গৰ ৫৭ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি অইল কর্তৃপক্ষই এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছেJunior Engineering Assistant-IV (Production)ৰ ৪৯টা,Junior Engineering Assistant-IV (Mech-Fitter-cum-Rigger)/Junior Technical Assistant-IVৰ ৩টা,Junior Engineering Assistant-IV (Instrumentation)/Junior Technical Assistant-IVৰ ৪টা আৰুJunior Quality Control Analyst-IVৰ ১টা৷ মুঠ খালী পদ ৫৭টাৰ ভিতৰত অসংৰক্ষিত ২৭টা, আর্থিকভাৱে পিছপৰা শ্রেণীৰ বাবে ৫টা, এছ চিৰ ১০টা আৰু অ’বিচি–এনচিএলৰ ১৫টা পদ৷ ইয়াৰ উপৰি মুঠ পদৰ ভিতৰত ৪টা পদ দিব্যাংগ প্রার্থীৰ বাবে বিশেষভাৱে সংৰক্ষিত থাকিব৷ নিযুক্তিপ্রাপ্তই মাহে ২৫,০০০–১,০৫,০০০ টকা লাভ কৰিব৷Junior Engineering Assistant-IV (Production) পদৰ প্রার্থীChemical/Refinery & Petrochemical Engineeringৰ ডিপ্ল’মাধাৰী নাইবাMaths, Physics, Chemistry or Industrial Chemistry বিষয়তB.Sc. উত্তীর্ণ হোৱা হ’ব লাগিব৷

Junior Engineering Assistant-IV (Mech-Fitter-cum-Rigger)/Junior Technical Assistant-IV পদৰ প্রার্থীMechanical Engineeringৰ ডিপ্ল’মাধাৰী হোৱাটো বাঞ্ছনীয়৷
Junior Engineering Assistant-IV (Instrumentation)/Junior Technical Assistant-IV পদৰ প্রার্থীInstrumentation/Instrumentation & Electronics/Instrumentation & Control Engineeringৰ ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷ শেষত,Junior Quality Control Analyst-IV পদৰ প্রার্থীPhysics, Chemistry/Industrial Chemistry & Mathematics বিষয়তB.Sc. উত্তীর্ণ হোৱাৰ লগতে সংশ্লিষ্ট খণ্ডত এবছৰীয়া কর্ম অভিজ্ঞতা থকাটো বাঞ্ছনীয়৷ প্রার্থীৰ বয়স ৩১ অক্টোবৰ, ২০২০লৈ ১৮–২৬ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ বাবে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে সাধাৰণ, আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থী আৰু অ’বিচি–এনচিএল শ্রেণীৰ প্রার্থীয়ে ১৫০ টকা অনলাইন(https://onlinesbi.com/sbicollect) মাধ্যমেৰে আই অ’ চি এলৰ হকে পৰিশোধ কৰিব লাগিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন কৰিবলৈ ৱেবছাইটhttps://www.ncbc.nic.in, www.iocl.com আৰুhttps://www.iocrefrecruit.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৭ নৱেম্বৰ, ২০২০৷ আনহাতে, অনলাইনযোগে আবেদন দাখিল কৰাৰ পিছত ছফ্ট কপী ই–মেইল[email protected] যোগে প্রেৰণ কৰিব লাগিব৷ ইয়াৰ উপৰি যাৱতীয় নথি–পত্র স্ব–প্রত্যায়িত প্রতিলিপিসহ অনলাইনযোগে আবেদন দাখিলৰ ছফ্ট কপীPost Box No. 128, Panipat Head Post Office, Panipat, Haryana-132103 ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ ডাকযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৮ নৱেম্বৰ, ২০২০৷

You might also like