নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথ আইন সেৱা প্রাধিকৰণত ৩০ পদ খালী

বিশ্বনাথ জিলা আইন সেৱা প্রাধিকৰণ District Legal Services Authority, Biswanath)ত খালী হৈছেPara Legal Volunteers PLVs)ৰ ৩০ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি District & Sessions Judge, Sonitpur-cum-Chairman, District Legal Services Authority, Biswanathৰ তৰফৰ পৰা এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রার্থী ভাৰতীয় নাগৰিক হোৱাৰ লগতে বিশ্বনাথ জিলাৰ স্থায়ী বাসিন্দা হ’ব লাগিব৷ সমাজৰ অভাৱগ্রস্ত আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ হকে কাম কৰাৰ মানসিকতা থকা হ’ব লাগিব৷ আবেদনকাৰীয়ে নিজৰ গাঁও পঞ্চায়তৰ নাম আবেদনত স্পষ্টভাৱে উল্লেখ কৰিব লাগিব৷ আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদনThe Chairman, District Legal Services Authority, Biswanath, SDJMM Court Campus, Biswanath, Biswanath Chariali, Dist.- Biswanath, PIN.–784176 Assam) ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদনৰ অন্তিম তাৰিখ ১৮ ছেপ্ঢেম্বৰ, ২০২১৷ অধিক তথ্যৰ বাবে ৱেবছাইটwww.sonitpurjudiciary.gov.in ভিজিট কৰিব পাৰে৷

You might also like