অসম ৰাজ্যিক নির্বাচন আয়োগত খালী হৈছে লিগেল ৰিছ’চ পার্ছনৰ এটা পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি আয়োগৰ সচিবে এক নিয়োগ বিজ্ঞাপন সংবাদ–পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি আবেদনকাৰী চৰকাৰী স্বীকৃতিপ্রাপ্ত আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্রীধাৰী হোৱাটো বাঞ্ছনীয়৷ ডক্টৰেট ডিগ্রীধাৰী প্রার্থীয়ে নিযুক্তিৰ ক্ষেত্রত অগ্রাধিকাৰ পাব৷ প্রার্থীৰ বয়স সর্বোচ্চ ৪৫ বছৰ৷ প্রাৰম্ভিক পর্যায়ত প্রার্থী এবছৰীয়া ঠিকাভিত্তিক চুক্তিত নিযুক্তি দিয়া হ’ব যদিও পৰৱর্তী পর্যায়ত চাকৰিৰ ম্যাদ বঢ়াৰ সম্ভাৱনা আছে৷ নিযুক্তিপ্রাপ্তই বছৰি ৯ লাখ টকা লাভ কৰিব৷
ইয়াৰ উপৰি অন্যান্য ভাট্টা লাভ কৰিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ত সবিশেষ তথ্যৰ লগতে নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ বিভাগীয় ৱেবছাইটwww.secassam.in লগ আইন কৰিব পাৰিব৷ যাৱতীয় নথিপত্রৰ প্রত্যায়িত প্রতিলিপিসহ নির্ধাৰিত প্র–পত্র পূৰ কৰি প্রস্তুত কৰা আবেদন ঠিকনাৈ Secretary, Assam State Election Commission, Housefed Complex, Dispur, Guwahati-781006 Assam প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১২ অক্টোবৰ, ২০২০৷