নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী আৱাস যোজনা, নগৰাঞ্চলত ৩৬ পদ

প্রধানমন্ত্রী আৱাস যোজনা, নগৰাঞ্চল(Pradhan Mantri Awas Yojana, Urban)ত খালী হৈছে ৩৬ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি ৰাজ্যিক মিছন সঞ্চালকে এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ উক্ত খালী পদসমূহ PMAY-U আৰুAMRUTত পূৰণ কৰা হ’ব প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছেCity Project Manager-Civil Worksত ১২টা: আবেদনকাৰী চিভিল ইঞ্জিনীয়াৰিং বিষয়ত প’ষ্ট গ্রেজুৱেট/ডিগ্রীধাৰী/ডিপ্ল’মাধাৰী হোৱাটো বাঞ্ছনীয়৷

ইয়াৰ উপৰি প্রার্থীৰ উদ্যোগ অথবা চৰকাৰী খণ্ডত তিনি বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ স্থানীয় ভাষাত দক্ষতা থকাৰ লগতে ডিবিটিৰ কর্ম অভিজ্ঞতা থকা প্রার্থীয়ে নিযুক্তিৰ ক্ষেত্রত অগ্রাধিকাৰ লাভ কৰিব৷ বয়স ২৭–৪৫ বছৰ৷ দৰমহাৰ নিৰিখ ৪৫,০০০ টকা, ৩৫,০০০ টকা আৰু ২৫,০০০ টকা৷City Project Manager-MISত ১৪টা ঃ আবেদনকাৰী এমচিএ/বিটেক–(চিএছই/আইটি)/বিই–(চিএছই/আইটি)/চিএছই বিষয়ত ডিপ্ল’মাধাৰী হোৱাৰ লগতে উদ্যোগ অথবা চৰকাৰী খণ্ডত তিনি বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ স্থানীয় ভাষাত দক্ষতা থকাৰ লগতে ডিবিটিৰ কর্ম অভিজ্ঞতা থকা প্রার্থীয়ে নিযুক্তিৰ ক্ষেত্রত অগ্রাধিকাৰ লাভ কৰিব৷ বয়স ২৭–৪৫ বছৰ৷ দৰমহাৰ নিৰিখ ৪৫,০০০ টকা, ৩৫,০০০ টকা আৰু ২৫,০০০ টকা৷Project Associatate ৮টা ঃ আবেদনকাৰী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী আৰু কম্পিউটাৰৰ জ্ঞান থকা হ’ব লাগিব৷

ইয়াৰ উপৰি প্রার্থীৰ যিকোনো প্রকল্পত নূ্যনতম এবছৰ কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স ২৩–৪০ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ২৫,০০০ টকা৷City Project Manager Civil Worksত ১টা ঃ আবেদনকাৰী চিভিল ইঞ্জিনীয়াৰিং বিষয়ত প’ষ্ট গ্রেজুৱেট/ডিগ্রীধাৰী/ডিপ্ল’মাধাৰী হোৱাটো বাঞ্ছনীয়৷ ইয়াৰ উপৰি প্রার্থীৰ উদ্যোগ নাইবা চৰকাৰী খণ্ডত তিনি বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ স্থানীয় ভাষাত দক্ষতা থকাৰ লগতে নগৰাঞ্চল আন্তঃগাঁথনি উন্নয়ন খণ্ডত কর্ম অভিজ্ঞতা থকা প্রার্থীয়ে নিযুক্তিৰ ক্ষেত্রত অগ্রাধিকাৰ লাভ কৰিব৷ বয়স ২৭–৪৫ বছৰ৷ দৰমহাৰ নিৰিখ ৪৫,০০০ টকা আৰু ৩৫,০০০ টকা৷ City Project Manager Finance ১টা ঃ আবেদনকাৰী প’ষ্ট গ্রেজুৱেট–ফাইনেন্স/এমবিএ–ফাইনেন্স/এইচআৰ বিষয়ত ডিগ্রীধাৰী হোৱাৰ লগতে ফাইনেন্স/পিএফএমএছ/ইএটি/ একাউণ্টিং/এমআইএছ ছিষ্টেম বিষয়ত ৩ বছৰীয়া কর্ম অভিজ্ঞতা আৰু স্থানীয় ভাষাৰ ওপৰত জ্ঞান থকা হ’ব লাগিব৷ PFMS, GeM Portal, E-tendering, E-Procurement, Project Finance & Management, Urban Infrastructure ত কর্ম অভিজ্ঞতা থকা প্রার্থীয়ে নিযুক্তিৰ ক্ষেত্রত অগ্রাধিকাৰ লাভ কৰিব৷ ইয়াৰ উপি DPR, Financial Tenability & Viability Analysis of Projectsত নূ্যনতম কর্ম অভিজ্ঞতা থকাটো বাঞ্ছনীয়৷ বয়স ২৭–৪৫ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ৪৫,০০০ টকা৷ পিএমএৱাইৰ অধীনত চিটী প্রজেক্ট মেনেজাৰৰ পদ পূৰণ হ’বলগীয়া জিলাসমূহ হৈছে– বৰপেটা (৩), ধুবুৰী (২), নগাঁও (২), শোণিতপুৰ (২), ধেমাজি (১), গোলাঘাট (১), যোৰহাট (১), ডিব্রুগড় (২), তিনিচুকীয়া (২), চিৰাং (১), কার্বি আংলং (৪), মৰিগাঁও (১), ডিমা হাছাও (২), কোকৰাঝাৰ (১) আৰু বিশ্বনাথ (১)৷ আনহাতে, প্রজেক্ট এছ’চিয়েটৰ (৮) পদ পিএমএৱাইৰ ৰাজ্যিক মিছন সঞ্চালকালয়ত পূৰণ কৰা হ’ব৷ চিটী প্রজেক্ট মেনেজাৰৰ (২) পদAMRUTৰ ৰাজ্যিক মিছন সঞ্চালকালয়ত পূৰণ কৰা হ’ব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটhttps://pmayassam.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১৯ অক্টোবৰ, ২০২০৷

You might also like