ৰাণীৰ গাহৰি গৱেষণা কেন্দ্রত নিযুক্তিৰ সুযোগ
ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনত পৰিচালিত ৰাণীৰ গাহৰি গৱেষণা কেন্দ্রত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, ইয়ং প্রফেচনেল (১) পদত অচিৰেই যোগ্য প্রার্থীক নিয়োগ কৰা হ’ব৷
আবেদনকাৰী প’ষ্ট গ্রেজুৱেট আৰু ইণ্টেলেকচুৱেল প্র’পার্টী ৰাইট্ছ/টেকন’লজী মেনেজমেণ্ট বিষয়ত ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব নাইবা ভেটেৰিনেৰী ছায়েন্স বিষয়ত স্নাতক উত্তীর্ণ হোৱা হ’ব লাগিব৷ নিযুক্তিপ্রাপ্তইInstitute Technology Management Unit, ICAR-NRC on Pig, Rani, Guwahati, Assam কার্যালয়ত কার্য সম্পাদন কৰিব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২৫,০০০ টকা৷ বয়স ১৫ অক্টোবৰ, ২০২০লৈ ২১–৪৫ বছৰ৷
আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদনAsstt. Administrative Officer, ICAR-NRC on Pig, Rani, Guwahati-31, Assam ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১৫ অক্টোবৰ, ২০২০৷