সৈনিক স্কুল গোৱালপাৰাত ১৮ পদ
ভাৰত চৰকাৰৰ প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনত পৰিচালিত সৈনিক স্কুল সমিতিৰ অধীনস্থ সৈনিক স্কুল গোৱালপাৰাত শিক্ষক আৰু অনা–শিক্ষকৰ ১৮ পদ খালী হৈছে৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিদ্যালয়খনৰ অধ্যক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, প্রশিক্ষণপ্রাপ্ত স্নাতক শিক্ষক (অসমীয়া) পদৰ প্রার্থী গড়ে ৫০ শতাংশ নম্বৰেৰে অসমীয়া বিষয়ত স্নাতক ডিগ্রীধাৰী আৰু বি এড উত্তীর্ণ হোৱাৰ লগতে চিটেট/এছটেট উত্তীর্ণ হোৱা হ’ব লাগিব৷ পদটো অসংৰক্ষিত৷ নিযুক্তিপ্রাপ্তই মাহে ২৩,০০০ টকাসহ থকা–খোৱাৰ সুবিধা লাভ কৰিব৷ স্কুল কাউন্সিলৰ ১টা ঃ প্রার্থী মনোবিজ্ঞান বিষয়ত স্নাতক নাইবা স্নাতকোত্তৰ আৰু কাউঞ্চেলিং বিষয়ত ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷ প্রার্থী ইংৰাজী মাধ্যমৰ বিদ্যালয়ত কেৰিয়াৰ পৰামর্শদাতা হিচাপে এবছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ নিযুক্তিপ্রাপ্তই মাহে ২৩,০০০ টকাসহ থকা–খোৱাৰ সুবিধা লাভ কৰিব৷ আর্ট এণ্ড ক্রাফট টিচাৰ ১টা ঃ প্রার্থী আর্টছ এণ্ড ক্রাফট বিষয়ত স্নাতক ডিগ্রীধাৰী অথবা পেইণ্টিং/ড্রইং/স্কালপ্ছাৰ/গ্রাফিক আর্টছৰ পাঁচ বছৰীয়া ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷ নিযুক্তিপ্রাপ্তই মাহে ২১,০০০ টকাসহ থকা–খোৱাৰ সুবিধা লাভ কৰিব৷ বেণ্ড মাষ্টাৰ ১টা ঃ প্রার্থী বেণ্ড মাষ্টাৰ/বেণ্ড মেজৰ/ড্রাম মেজৰ পাঠ্যক্রমৰ প্রমাণ–পত্রধাৰী হোৱাটো বাঞ্ছনীয়৷ নিযুক্তিপ্রাপ্তই মাহে ২১,০০০ টকাসহ থকা–খোৱাৰ সুবিধা লাভ কৰিব৷ মেট্র’ন ২টা ঃ প্রার্থী দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত দক্ষতা থকা হ’ব লাগিব৷ অথবা স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতে নার্ছিঙৰ ডিপ্ল’মাধাৰী আৰু সংশ্লিষ্ট খণ্ডত কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ নিযুক্তিপ্রাপ্তই মাহে ১৪,০০০ টকাসহ থকা–খোৱাৰ সুবিধা লাভ কৰিব৷ ৱার্ড বয় ৩টা ঃ প্রার্থী দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত দক্ষতা থকা হ’ব লাগিব৷ অথবা স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতে নার্ছিঙৰ ডিপ্ল’মাধাৰী আৰু সংশ্লিষ্ট খণ্ডত কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ নিযুক্তিপ্রাপ্তই মাহে ১৪,০০০ টকাসহ থকা–খোৱাৰ সুবিধা লাভ কৰিব৷ লেব এছিছটেণ্ট ৩টা ঃ প্রার্থী বিজ্ঞান শাখাত দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে ইংৰাজী আৰু হিন্দী ভাষাত দক্ষতা থকা হ’ব লাগিব অথবা বিজ্ঞানৰ স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতে লেব এছিছটেণ্ট নাইবা বৈজ্ঞানিক গৱেষণাগাৰত কাৰিকৰী সহায়ক হিচাপে কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ নিযুক্তিপ্রাপ্তই মাহে ১৪,০০০ টকাসহ থকা–খোৱাৰ সুবিধা লাভ কৰিব৷ শেষত জেনেৰেল এমপ্ল’ই ৬টা ঃ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে ৰন্ধা–বঢ়াৰ কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ নিযুক্তিপ্রাপ্তই মাহে ১৩,৫০০ টকাসহ থকা–খোৱাৰ সুবিধা লাভ কৰিব৷ আবেদন মাচুল হিচাপে ডিমাণ্ড ড্রাফটযোগে এছ বি আইৰ মৰনৈ শাখাত ৫০০ টকা সৈনিক স্কুল গোৱালপাৰাৰ অধ্যক্ষৰ হকে পৰিশোধ কৰিব লাগিব৷ আবেদন প্রেৰণৰ ঠিকনা Principal, Sainik School Goalpara, Mornoi, Rajapara, Goalpara, Assam-783133৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১০ অক্টোবৰ৷