বৰপেটাৰ মন্দিয়া আঞ্চলিক মহাবিদ্যালয়ত অধ্যাপকৰ ৬ পদ
বৰপেটাৰ মন্দিয়া আঞ্চলিক মহাবিদ্যালয়ত খালী হৈছে সহকাৰী অধ্যাপকৰ ৬ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষই এক নিয়োগ বিজ্ঞাপন বিভাগীয় ৱেবছাইট আৰু সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, সহকাৰী অধ্যাপকৰ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– অসমীয়া (২), বুৰঞ্জী (১) আৰবী (১), অর্থনীতি (২)৷ আবেদনকাৰীৰ শৈক্ষিক অর্হতা ইউজিচিৰ নির্দেশনাৱলী অনুসৰি যোগ্য হ’ব লাগিব৷
ইয়াৰ উপৰি প্রার্থী ডক্টৰেট ডিগ্রীধাৰী নাইবা নেট/শ্লেট/ছেট উত্তীর্ণ হোৱাটো বাঞ্ছনীয়৷ বয়স ১ জানুৱাৰী, ২০২০লৈ সর্বোচ্চ ৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ প্রার্থী স্থানীয় বাসিন্দা প্রমাণ–পত্রধাৰী হ’ব লাগিব৷ আবেদন মাচুল হিচাপে ২,২০০ টকা ডিমাণ্ড ড্রাফটযোগে মহাবিদ্যালয়ৰ অধ্যক্ষ/সচিবৰ হকে এছ বি আইৰ মন্দিয়া শাখাত পৰিশোধ কৰিব লাগিব৷ আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদনPrincipal, Mandia Anchalik College, Near Bhelengi River, P.O- Mandia, Barpeta-781308, Assam ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১০ অক্টোবৰ, ২০২০৷
বিজ্ঞাপন বিষয়ক বিতং তথ্যৰ লগতে নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ উচ্চতৰ শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট ভিজিট কৰিব পাৰিব৷