নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০ কোটি টকাৰ দুৰ্নীতি এনআৰচি উন্নীতকৰণৰ নামতঃ আছাম পাব্লিক ৱৰ্কছ

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ এন আৰ চি নতুন সমন্বক হিতেশ দেৱ শৰ্মাক সাক্ষাৎ আছাম পাব্লিক ৱৰ্কছৰ নেতৃত্বৰ। সংগঠনৰ নেতা অভিজিত শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে ৫ টা ছফটৱেৰ কোম্পানীয়ে ১০০তাকৈ অধিক ছফটৱেৰ বনাইছে আৰু গোটেই প্ৰক্ৰিয়াটোত জালিয়তি…

চিআৰপিএফৰ জোৱানে পাব ১০০ দিনৰ ছুটী

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃপৰিয়ালৰ সৈতে সময় কটাবলৈ কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ)ৰ জোৱানে বছৰত অতি কমেও ১০০ দিনৰ ছুটী লাভ কৰিব৷ নতুন দিল্লীত চি আৰ পি এফৰ মুখ্য কার্যালয় মুকলি কৰি দেওবাৰে এই আশ্বাস দিয়ে কেন্দ্রীয় গৃহমন্ত্রী অমিত…

ঘন কুঁৱলীৰ বাবে ৪ খন বিমান বাতিল আৰু ১৯ খনৰ পথ সলনি

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ সোমবাৰে দিল্লীৰ ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰত ঘন কুঁৱলীৰ ফলত সৃষ্টি হোৱা কম দৃশ্যমানতাৰ কাৰণে ৪ খন বিমান বাতিল কৰাৰ লগতে ১৯ খন বিমানৰ পথ সলনি কৰা হৈছে । ইপিনে ইণ্ডিগ' কৰ্তৃপক্ষই আজি তেওঁলোকৰ সকলো…

কৰ ফাঁকিৰে কয়লাৰ অবৈধ সৰবৰাহ

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্রান্তত কয়লাৰ ছিণ্ডিকেট আৰু অবৈধ সৰবৰাহ অব্যাহত আছে৷ বিভিন্ন পক্ষক মেনেজ কৰি চুবুৰীয়া নাগালেণ্ডক কেন্দ্র কৰি যোৰহাট জিলাতো কয়লাৰ ছিণ্ডিকেট আৰু কৰ ফাঁকিৰে অবৈধ সৰবৰাহ চলি আছে৷ বিগত বর্ষত মৰিয়নিত…

বিশ্বৰ আটাইতকৈ বয়সিয়াল গঁড় ফাউষ্টাৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ বিশ্বৰ আটাইতকৈ বয়সিয়াল গঁড়টোৰ মৃত্যু হৈছে টাঞ্জানিয়াত ৷ দেশখনৰ এনগোৰোনগোৰোৰ অভয়াৰণ্যত ১৯৬৫ চনত প্রথমবাৰলৈ দেখিবলৈ পোৱা গৈছিল এই মাইকী গঁড়টোক ৷ তেতিয়া গঁড়টোৰ বয়স আছিল ৩ বছৰ ৷ সুদীর্ঘ ৫০ বছৰ ধৰি অৰণ্যত মুক্তভাৱে…

২০১৯ত আমেৰিকাত বৃদ্ধি গণহত্যাৰ ঘটনা

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ ২০১৯ বর্ষটোত আমেৰিকাত পূর্বৰ তুলনাত বহু বেছি গণহত্যাৰ ঘটনা সংঘটিত হৈছে ৷ সংবাদ সংস্থা এপি, ইউএছএ টুডে’ আৰু নর্থ ইষ্টার্ন ইউনিভাৰর্ছিটীৰ তথ্য অনুসৰি চলিত বর্ষত দেশখনত সংঘটিত হৈছে ৪১টা গণহত্যাৰ ঘটনা ৷ এই ঘটনাবোৰত…

কৃষকসকলে ১০ টকাতে পাব এসাঁজ আহাৰ

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ হাৰিয়ানাৰ মুখ্যমন্ত্রী মনোহৰ লাল খাট্টাৰে অতিশীঘ্রে কৃষকলৈ ১০ টকাতে খাদ্য যোগান ধৰাৰ এক আঁচনি মুকলি কৰিব ৷ উৎপাদিত ফচলৰ বজাৰত কৃষকে ১০ টকাৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হ’ব এসাঁজ আহাৰ ৷ উল্লেখনীয় যে একেই ব্যৱস্থা…

চলন্ত ৰে’লত ষ্টাণ্ট কৰিবলৈ গৈ মৃত্যুক সাৱটিলে যুৱকে

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ মহাৰাষ্ট্ৰৰ এজন ২০ বছৰীয়া যুৱকে এখন চলন্ত লোকেল ট্ৰেইনত ষ্টাণ্ট কৰিবলৈ গৈ মৃত্যুক সাৱটে । মৃত যুৱকজন দিলচান বুলি চিনাক্ত কৰা হৈছে । দিলচানে ষ্টাণ্ট কৰাৰ বাবে ট্ৰেইনখনৰ কাষত ওলমি থকাৰ সময়তে বাহিৰৰ এটা খুঁটাত…

‘কা’ক সমর্থন কৰা বিধায়কক নিলম্বন মায়াৱতীৰ

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ অর্থাৎ ‘কা’ক সমর্থন কৰাৰ অপৰাধত বিএছপি মুৰব্বী মায়াৱতীয়ে দলৰ বিধায়ক ৰামা ৰায়ক নিলম্বন কৰিছে ৷ স্মর্তব্য যে নতুন এই আইনখনৰ বিৰুদ্ধে সৰৱ হৈ আছে মায়াৱতী ৷ পাকিস্তান, বাংলাদেশ আৰু…

প্রতিবাদকাৰীক পাকিস্তানত বাস কৰাৰ নির্দেশ আৰক্ষী বিষয়াৰ

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ উত্তৰপ্রদেশৰ মীৰাটত ‘কা’বিৰোধী প্রতিবাদত অংশগ্রহণ কৰা মুছলমান লোকসকলক অশালীন ব্যৱহাৰ কৰি পাকিস্তানত গৈ বাস কৰিবলৈ নির্দেশ দিয়া আৰক্ষী বিষয়া এজনৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ল’ব চৰকাৰে ৷ আৰক্ষী বিষয়াজনে মুছলমান…