নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি-২০ ত কেৰিয়াৰৰ তৃতীয়টো হেট্ৰিক অৰ্জন ৰাছিদ খানৰ

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ আফগানিস্তান আৰু এডিলেইড ষ্ট্ৰাইকাৰ্চৰ অলৰাউণ্ডাৰ ৰাছিদ খানে বুধবাৰে খেলা এখন খেলৰ জড়িয়তে নিজৰ তৃতীয় হেট্রিক অৰ্জন কৰে। চলিত ছিজনৰ বিগ বেচ লীগ (বিবিএল) ৰ এখন খেলত ছিডনি ছিক্সাৰ্ছৰ বিপক্ষে এই কৃতিত্ব অর্জন কৰে…

আজমলৰ বিৰুদ্ধে যুঁজিবলৈ আছুৰ সাহস নাইঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ । ধেমাজিৰ ৰংচতিয়া পথাৰত এই কাৰ্যসূচী। সভাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাসকে ধৰি বিজেপিৰ নেতা-কৰ্মী।                        সভাত মন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাই কয়…

বনজুইত দুই সহস্রাধিক বাসগৃহ ধ্বংস অষ্ট্রেলিয়াত

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ অষ্ট্রেলিয়াত দুমাহ ধৰি চলি থকা ভয়াৱহ বনজুইত পুৰি ছাই হৈছে দুই সহস্রাধিক বাসগৃহ ৷ শেহতীয়াকৈ নিউ ছাউথ ৱেলছৰ এগৰাকী বিষয়ববীয়াই সংবাদ মাধ্যমক জনাইছে এই তথ্য৷ লক্ষণীয়ভাৱে দুমাহ ধৰি চলি থকা বনজুয়ে ভিক্টোৰিয়া আৰু নিউ…

১৪ বছৰত ষাঠি হাজাৰ লোক সন্ধানহীন মেক্সিকোত

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ ২০০৬ চনত মেক্সিকোত ড্রাগ্ছৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে চৰকাৰে যুদ্ধ আৰম্ভ কৰাৰ পাছৰে পৰা সন্ধানহীন হৈছে ৬০ সহস্রাধিক লোক ৷ চৰকাৰী সূত্রই সদৰী কৰিছে এই তথ্য ৷ উল্লেখনীয় যে পূর্বে চৰকাৰে ড্রাগ্ছ সৰবৰাহকাৰী চক্রৰ অপহৰণৰ…

মাত্র ১০০ আলোকবর্ষ দূৰত্বত আৱিষ্কাৰ পৃথিৱী সদৃশ গ্রহ ‘টি’আই–৭০০ডি’

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ পৃথিৱীৰ পৰা ১০০ আলোকবর্ষ নিলগতেই মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাই আৱিষ্কাৰ কৰিছে এটা গ্রহ ৷ পৃথিৱীসদৃশ এই গ্রহটোৰ নাম ৰখা হৈছে টি’আই–৭০০ডি ৷ এই গ্রহটোৰ পৃথিৱীৰে যথেষ্ট সাদৃশ্য থকা বুলি দাবী কৰিছে নাছাৰ…

কৃত্রিম মেধাৰ জগতলৈ আহি আছে ষ্টাৰ লেব্ছৰ আৱিষ্কাৰ ‘নিয়ন’

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ মানৱসদৃশ আর্টিফিচিয়েল ইণ্টালিজেন্স (এআই) অর্থাৎ কৃত্রিম মেধাই ইতিমধ্যে বিশ্বত সৃষ্টি কৰিছে চাঞ্চল্য ৷ শেহতীয়াকৈ মানৱসদৃশ এই নতুন কৃত্রিম মেধা ‘নিয়ন’–এ মানুহৰ দৰেই আৱেগ–অনুভূতি প্রকাশ কৰিব নিজৰ বক্তব্যত ৷ মানুহৰ…

ইউটিউবত ভিডিঅ’যোগে ক্ষমা প্রার্থনা মহাৰাষ্ট্রৰ যুৱতী মির্জাৰ

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ দেশৰ সন্মানীয় শিক্ষা প্রতিষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ)ত ৫ ডিচেম্বৰৰ নিশা সংঘটিত আক্রমণৰ ঘটনাৰ প্রতিবাদ কৰিবলৈ আহি এগৰাকী যুৱতীয়ে গেটৱে অৱ ইণ্ডিয়াত ‘ফ্রী কাশ্মীৰ’ অর্থাৎ কাশ্মীৰৰ মুক্তিৰ দাবীৰে প্লে…

ইৰানত ছোলেইমানীৰ শেষকৃত্যত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ যোৱা সপ্তাহত ইৰাকৰ ৰাজধানী বাগদাদত আমেৰিকান ড্রোন আক্রমণত নিহত ইৰানৰ শীর্ষ সেনা জেনেৰেল কাছেম ছোলেইমানীৰ অন্ত্যেষ্টিক্রিয়াত পদপিষ্ট হৈ মঙলবাৰে ৩৫গৰাকী লোকৰ মৃত্যু হৈছে ৷ দেশখনৰ চৰকাৰী টেলিভিচনে সদৰী কৰা অনুসৰি এই…

অসমীয়া লিপিত নতুন সংযোজন ‘লাচিত কনভার্টাৰ’

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰী : নতুন বছৰৰ প্রথম সপ্তাহতে তথ্য–প্রযুক্তিৰ ক্ষেত্রখনত নতুন উদ্ভাৱনেৰে ছয় অসমীয়া যুৱকে কঢ়িয়াইছে আশাৰ বতৰা ৷ মাতৃভাষাৰ প্রতি ভালপোৱা আৰু দায়বদ্ধতা অনুভৱ কৰিয়েই তেওঁলোকে এই কাম কৰিবলৈ আগবাঢ়িছিল ৷ ইউনিক’ডত টাইপ কৰা…

ভয়ংকৰ বিমান দুৰ্ঘটনাত নিহত ১৮০জন যাত্ৰী

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ ইৰাণত ভয়ংকৰ বিমান দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত প্ৰায় ১৮০জন যাত্ৰী। দুৰ্ঘটনাত পতিত ইউক্ৰেইনৰ বয়িং ৭৩৭ বিমান। টেহৰাণ বন্দৰৰ পৰা উৰাৰ সময়তে দুৰ্ঘটনাত পতিত। কাৰিকৰী বিজুতিৰ বাবে দুৰ্ঘটনাত পতিত হোৱাৰ সন্দেহ। ইৰাণৰ নিউজ…