নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ যন্তৰ–মন্তৰ, অসম ভৱনত অসমীয়াৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা,১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশৰ ৰাজধানী দিল্লীতো তীব্র প্রতিবাদ সাব্যস্ত কৰিছে প্রবাসী অসমীয়া আৰু ছাত্র–ছাত্রীসকলে ৷ কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে শনিবাৰে দিল্লীত অধ্যয়নৰত হাজাৰ হাজাৰ অসমীয়া…

মুম্বাইত গীত–কথাৰে অসমীয়া শিল্পী সমাজৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা,১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে একত্রিত হ’ল মুম্বাইত প্রতিষ্ঠিত অসমীয়া শিল্পী সমাজ ৷ মায়ানগৰী মুম্বাইত কর্মৰত শিল্পীসকলে গীত আৰু কথাৰে তীব্র বিৰোধিতা কৰে নাগৰিকত্ব সংশোধনী আইনৰ ৷ অসমীয়া শিল্পী সমাজৰ উদ্যোগত আজি…

সাম্প্ৰতিক পৰিস্থিতিক লৈ শীঘ্রে প্রধানমন্ত্রী–গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব বিজেপিৰ মন্ত্ৰী-সাংসদ-বিধায়কৰ…

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ শনিবাৰে ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিৰ মন্ত্ৰী-সাংসদ-বিধায়কসকলৰ সৈতে এক বৈঠকত মিলিত হয় । বিশেষকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হোৱাৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ …

আই অসমীৰ আহ্বানত একত্ৰিত প্ৰবাসী অসমীয়া

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ আই অসমীৰ আকুল আহ্বানত জাগি উঠিছে প্ৰবাসী অসমীয়াসকল । সাত সাগৰ তেৰ নদীৰ সিপাৰেও নাগৰিকত্ব সংশোধনী আইন(কা)ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিদেশত থকা অসমীয়াৰ কণ্ঠ । দেশৰ ভিন্ন স্থানত শনিবাৰে কাৰ বিৰুদ্ধে অসমীয়া জনসাধাৰণে…

৬ নং দফা ৰূপায়ণ সম্পর্কীয় উচ্চ পর্যায়ৰ কমিটীৰে বৈঠক মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ

নিয়মীয়া বাৰ্তা ,১৫ ডিচেম্বৰঃ ৰাজ্যৰ জটিল পৰিস্থিতি কিছু স্বাভাৱিক হোৱাৰ সময়তে শনিবাৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অসম চুক্তিৰ ৬নং দফা সম্পর্কীয় উচ্চ পর্যায়ৰ কমিটীৰে এক গুৰুত্বপূর্ণ বৈঠকত বহে ৷ উচ্চ পর্যায়ৰ কমিটীৰ অধ্যক্ষ অৱসৰপ্রাপ্ত…

‘কা’ৰ বিৰুদ্ধে এক ডজনৰ অধিক গোচৰঃ ১৮ ডিচেম্বৰত ছুপ্রিম ক’টত প্রথম শুনানিৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা ,১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে আইনী যুঁজত নামি পৰিছে একাংশ দল–সংগঠন, ব্যক্তি বিশেষে ৷ ‘কা’ক সংবিধানবিৰোধী, বিভেদকামী আৰু বৈষম্যমূলক আখ্যা দি বর্তমানপর্যন্ত সদৌ অসম ছাত্র সন্থা (আছু)ৰ লগতে অন্য বহুতে উচ্চতম…

নাগৰিকত্ব সংশোধনী আইন প্রত্যাহাৰৰ বাবে উচ্চতম ন্যায়ালয়ত তৰুণ গগৈৰ আবেদন

নিয়মীয়া বাৰ্তা ,১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন প্রত্যাহাৰৰ বাবে এইবাৰ আইনী যুঁজত নামিছে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ ৷ প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে এই সংক্রান্তত উচ্চতম ন্যায়ালয়ত অহা সোমবাৰে এখন আবেদন দাখিল কৰিব ৷ ন্যায়ালয়ত গগৈৰ হৈ…

উত্তৰ–পূববাসী শংকিত নহ’বঃ গৃহমন্ত্রী অমিত শ্বাহ

নিউজ ডেস্ক, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনক লৈ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহ উত্তপ্ত হৈ থকাৰ সময়তে কংগ্রেছক আক্রমণৰ লক্ষ্য কৰি লৈছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৷ সংশোধিত নাগৰিকত্ব আইনখনক লৈ অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলত কংগ্রেছে…

ডিগবৈত আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ শনিবাৰে আবেলি আলোচনাপন্থী আলফা নেতা জিতেন দত্তক নিজা বাসভৱনৰ পৰা তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিৰ নেতৃত্বত অহা এটা দলে গ্ৰেপ্তাৰ কৰে । ইপিনে কোনো কাগজপত্র নেদেখুওৱাকৈ আলোচনাপন্থী আলফা নেতাজনক…

গুৱাহাটীৰ ৰাজপথত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল’লে ড০ শর্মাই

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ যোৱা ১১ আৰু ১২ ডিচেম্বৰত গুৱাহাটীত হোৱা গণ বিদ্রোহৰ সময়ছোৱাত প্রতিবাদী কার্যসূচীত অংশ লোৱাৰ ছলেৰে একাংশই মহানগৰীৰ ৰাজপথৰ ডিভাইডাৰ আৰু পদপথত লগোৱা গ্রীল, ট্রেফিক পইণ্টকে ধৰি বিভিন্ন আন্তঃগাঁথনিৰ ক্ষতি কৰে ৷…