নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২১ দিনতে ধর্ষণকাৰীয়ে পাব শাস্তিঃ অন্ধ্রৰ বিধানসভাত গৃহীত ‘দিশা আইন–২০১৯’

নিয়মীয়া বাৰ্তা,১৪ ডিচেম্বৰঃ অন্ধ্রপ্রদেশ বিধানসভাই শুকুৰবাৰে গৃহীত কৰে ‘দিশা আইন–২০১৯’ ৷ এই আইনৰ জৰিয়তে মহিলা আৰু শিশুৰ বিৰুদ্ধে কৰা ঘৃণনীয় অপৰাধৰ বিৰুদ্ধে অপৰাধীয়ে ২১ দিনৰ ভিতৰতে ভুগিব লাগিব শাস্তি ৷ হায়দৰাবাদত মহিলা চিকিৎসকগৰাকীৰ ধর্ষণ…

বঞ্চনাৰ অন্ত পৰিব বাংলাদেশৰ ৩ কোটি হিন্দুৰঃ বাংলাদেশৰ হিন্দু নেতাৰ মিশ্রিত প্রতিক্রিয়া

নিয়মীয়া বাৰ্তা,১৪ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদৰ দুয়ো সদনতে গৃহীত হোৱাৰ পিছত বাংলাদেশৰ হিন্দু নেতাসকলে মিশ্রিত প্রতিক্রিয়া প্রকাশ কৰিছে ৷ কিছুসংখ্যক নেতাই এই বিল গৃহীত কৰাত ভাৰতৰ বিজেপি চৰকাৰক অভিনন্দন জনোৱাৰ বিপৰীতে আন একাংশ…

ক্ৰমাৎ স্বাভাৱিক মহানগৰীৰ পৰিস্থিতি

ক্ৰমাৎ স্বাভাৱিক মহানগৰীৰ পৰিস্থিতি মহানগৰীত ৭ঘণ্টাৰ বাবে শিথিল সান্ধ্য আইন পুৱা ৯বজাৰ পৰা ৪বজালৈ সান্ধ্য আইন শিথিল খুলিছে দোকান-বজাৰ, পে'ট্ৰল ডিপো সমূহ পৰিস্থিতি স্বাভাৱিক হোৱাত এই সিদ্ধান্ত প্ৰশাসনৰ পৰিস্থিতি সম্পূৰ্ণ…

মহানগৰীত প্রতিবাদৰ নামত হিংসাৰ আশ্রয় লোৱা ২২ জনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন প্রত্যাহাৰৰ দাবীৰে কৰা প্রতিবাদৰ নামত সংঘটিত হিংসাত্মক কার্যকলাপত জড়িত থকাৰ অভিযোগত মহানগৰ আৰক্ষীয়ে ২২জন প্রতিবাদকাৰীক গ্রেপ্তাৰ কৰিছে ৷ মহানগৰ আৰক্ষীৰ নৱনিযুক্ত আয়ুক্ত মুন্নাপ্রসাদ…

অসম আৰক্ষীত ব্যাপক সালসলনি, কেইবাখনো জিলাত নতুন এছ পি

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ ৰাজ্যৰ শেহতীয়া আইন–শৃংখলা পৰিস্থিতিৰ মাজতে অসম আৰক্ষীত পুনৰ ব্যাপক সালসলনি ঘটোৱা হৈছে ৷ এই সালসলনি ক্রমে কেইবাখনো জিলাত নিয়োজিত কৰা হৈছে নতুন আৰক্ষী অধীক্ষক ৷ নির্দেশ অনুসৰি পাণ্ডুস্থিত ৰে’লৱে আৰক্ষীৰ অধীক্ষক…

কেবক লৈ সূক্ষ্ম নিৰীক্ষণ কৰি আছে ৰাষ্ট্রসংঘই

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ উত্তৰ–পূর্বাঞ্চলৰ অসমকে ধৰি দেশৰ ভিন্ন প্রান্তত কেবক লৈ প্রতিবাদৰ জোৱাৰ অব্যাহত থকাৰ সময়তে এই কেবক লৈ সূক্ষ্ম নিৰীক্ষণ কৰি থকা বুলি মন্তব্য কৰিছে ৰাষ্ট্রসংঘৰ সচিবপ্রধানৰ উপ–মুখপাত্র ফাৰহান হকে ৷ এক বিবৃতিত…

আন্তঃৰাষ্ট্রীয় প্রতিক্রিয়া

নাগৰিকত্ব সংশোধনী বিধেয়ক–২০১৯ ক লৈ অসমৰ সাম্প্রতিক পৰিস্থিতিয়ে ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ লগতে আন্তঃৰাষ্ট্রীয় মিডিয়াতো গুৰুত্ব লাভ কৰিছে৷ কেন্দ্রৰ এনডিএ চৰকাৰে ভাৰতৰ ধর্মনিৰপেক্ষতাৰ চৰিত্র অলপো সলনি হোৱা নাই বুলি দাবী কৰিলেও শেহতীয়া কেতবোৰ…

‘কেব’ৰ বিৰুদ্ধে আইনী যুঁজ চলাব সাহিত্য সভাই

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ সমগ্র ৰাজ্য উত্তাল কৰি ৰখা ‘কেব’ৰ বিৰুদ্ধে আইনী যুঁজ চলোৱাৰ কথা ঘোষণা কৰিছে অসম সাহিত্য সভায়ো ৷ ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত কেন্দ্রই ‘কেব’ জাপি দিয়াটো অসমৰ বাবে দুর্ভাগ্য বুলি উল্লেখ কৰি সাহিত্য সভাৰ সভাপতি ড০…

মহানগৰীত ৭ ঘণ্টাৰ বাবে শিথিল সান্ধ্য আইন

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ ক্ৰমাৎ স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিছে মহানগৰী গুৱাহাটীলৈ । যাৰ বাবে শনিবাৰে পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ ৭ ঘণ্টাৰ বাবে শিথিল কৰা হৈছে সান্ধ্য আইন । যদিহে এনেদৰেই পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক হয় তেন্তে…

শ্বিলং ভ্রমণ বাতিল অমিত শ্বাহৰ

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ কেবক লৈ উত্তৰ–পূর্বাঞ্চলৰ অসম আৰু মেঘালয় উত্তপ্ত হৈ থকাৰ পৰিপ্রেক্ষিততে শ্বিলং ভ্রমণ বাতিল কৰিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৷ অহা দেওবাৰে উত্তৰ–পূব আৰক্ষী একাডেমী পৰিভ্রমণৰ কার্যসূচী কেন্দ্রীয়…