নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকৌ সক্ৰিয় আলফাঃ পতাকা-পিষ্টলসহ তিনিজনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে আলফা স্বাধীন । শনিবাৰে ডাঙৰী সেনা শিবিৰ , সাপেখাতী সেনা শিবিৰ আৰু নামৰূপ আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হয় তিনিজনকৈ যুৱক । বিশেষ সূত্ৰৰ এক তথ্যৰ ভিত্তিত সেনা আৰু আৰক্ষীৰ এই দলটোৱে…

১ জানুৱাৰীৰ পৰা মহানগৰীত বৃদ্ধি পাব গাখীৰৰ মূল্য

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ ৰাজ্যবাসীক মূল্যবৃদ্ধিৰ সমস্যাই জুৰুলা কৰাৰ সময়তে ভূতৰ ওপৰত দানহ পৰাদি পৰিছে পুনৰ গাখীৰৰ মূল্যবৃদ্ধিয়ে। নতুন বৰ্ষৰ পহিলা দিনটোৰ পৰা অৰ্থাৎ ১ জানুৱাৰীৰ পৰা মহানগৰীত বৃদ্ধি হ'ব গাখীৰৰ মূল্য। মহানগৰীত প্ৰতিলিটাৰ…

পাঁচবছৰে সম্পূর্ণ নহ’ল ৰঙানদী মথাউৰি; নাওবৈচাত ঘৰৰ চালত ওলমিছে জি’মেট

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ ৰঙানদীৰ ভয়ংকৰ ধ্বংসলীলাৰ পৰা নৈপৰীয়া জনসাধাৰণক নিৰাপত্তা দিয়াৰ লক্ষ্যৰে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ বিত্তীয় অনুদানেৰে ৰঙানদীৰ মথাউৰিৰ দুয়োপাৰৰ সবলীকৰণৰ কাম আৰম্ভ কৰা হৈছিল৷ কিন্তু যোৱা পাঁচ বছৰেও এই কাম সম্পূর্ণ…

‘কা’ আন্দোলনৰ প্রভাৱ, নিমাওমাও নগাঁৱৰ পর্যটন–বনভোজস্থলী

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ ২০১৯ বর্ষ শেষ হ’বলৈ মাজত মাত্র দুটা দিন বাকী ৷ প্রতিবছৰে নৱবর্ষৰ প্রাক্মুহূর্তত নগাঁও জিলাৰ বনভোজথলী আৰু পর্যটন থলীসমূহলৈ ৰাজ্যৰ বিভিন্ন প্রান্তৰ ৰাইজৰ সোঁত বয়৷ কিন্তু এইবাৰ ডিচেম্বৰ মাহৰ মাজভাগৰ পৰা বনভোজ…

“কর্মইহে জীৱন মহীয়ান কৰে”- ড০ হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ শোণিতপুৰৰ বালিপৰাৰ সমীপৰ ঘোঁৰামাৰীত শনিবাৰে ৰঙাপৰা বিধানসভা সমষ্টিৰ সদ্যপ্রয়াত বিজেপি বিধায়ক ৰাজেন বৰঠাকুৰৰ পৱিত্র স্মৃতিত এখন সর্বধর্মীয় প্রার্থনা আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়৷ সভাখনত মুখ্য অতিথি হিচাপে…

ৰঞ্জি ট্রফীঃ অসম–জম্মু কাশ্মীৰৰ মেচ অমীমাংসিত

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ ঘৰুৱা দল জম্মু–কাশ্মীৰ আৰু অসমৰ মাজৰ ৰঞ্জি ট্রফীৰ গ্রুপ ‘চি’ৰ মেচখন অমীমাংসিত হয়৷ মেচখনৰ চতুর্থ তথা অন্তিম দিনা অসমে প্রথম ইনিংছত দুটা উইকেট হেৰুৱাই ৮২ ৰান কৰাৰ সময়তে মেচখনৰ যৱনিকা পৰে৷ মন কৰিবলগীয়া যে মেচখনৰ…

টকিঅ’ অলিম্পিকৰ কোৱালিফায়াৰলৈ অসম কন্যা লাভলিনা

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ মেৰীকমৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰি দেশজুৰি চর্চা লাভ কৰা উদীয়মান মহিলা বক্সাৰ নিখাট জাৰিন অৱশেষত ট্রায়েলত পৰাজয়ৰ সন্মুখীন হ’ল ৷ চীনত ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকৰ কোৱালিফায়াৰত দেশক প্রতিনিধিত্ব…

এটা ভিডিঅ’ক লৈ চাঞ্চল্য; ত্রিপুৰাৰ দলদলি সীমান্ত অতিক্রমি সোমাইছে অবৈধ বাংলাদেশী

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চলসহ দেশৰ ভিন্ন প্ৰান্ত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে উত্তাল কৰি ৰখাৰ সময়তে এটা বিশেষ ভিডিঅ' ক্লিপে চাঞ্চল্য সৃষ্টি কৰিছে । ভিডিঅ' ক্লিপটোত কোৱা হৈছে- নিৰাপত্তা ব্যৱস্থাত থকা…

মহানগৰীৰ সমীপৰ বোন্দাত ৰে’ল ক্ৰছিঙৰে বিপদসংকুল যাত্ৰা

 নিয়মীয়া বার্তা, ২৯ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীৰ পার্শ্বৱর্তী বোন্দাত উন্মুক্ত লেভেল ক্রছিঙৰ মাজেৰে অতি বিপজ্জনকভাৱে বছৰ বছৰ ধৰি অহা–যোৱা কৰি আছে অঞ্চলটোৰ দহ সহস্রাধিক লোক৷ আশ্চর্যজনকভাৱে উক্ত স্থানত এটা লেভেল ক্রছিং স্থাপনৰ বাবে বাৰম্বাৰ…

মহানগৰীৰ পাণবজাৰৰ পার্কিঙত অসামাজিক কার্যকলাপ

নিয়মীয়া বার্তা, ২৯ ডিচেম্বৰঃ গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকাৰী (জিএমডিএ) কর্তৃপক্ষৰ অৱহেলাৰ বাবে পাণবজাৰস্থিত ফুডভিলাৰ তলত থকা কাৰ পার্কিং জহি–খহি যোৱাৰ উপক্রম ঘটিছে৷ জিএমডিএ কর্তৃপক্ষৰ চূড়ান্ত গাফিলতিৰ বাবেই আটকধুনীয়াকৈ নির্মাণ কৰা…