নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত ভয়াবহ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা ৫শিক্ষাৰ্থী

পাটনাঃ বিহাৰৰ পাটনাত ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা ৫ শিক্ষাৰ্থীৰ। ঘটনা অনুসৰি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এটা প্ৰকাণ্ড পুখুৰীত সোমাই পৰাৰ পৰা ৰক্ষা পৰে স্কুল বাছখনৰ লগতে বাছখনত থকা ৫টি কণ কণ শিশু। উক্ত ঘটনাৰ পিছতে আৰক্ষীয়ে উদ্ধাৰ কৰে…

সামুদ্ৰিক জোৱাৰত জলমগ্ন ইটালিয়ান চহৰ ভেনিছ

ৰোমঃ সুদীৰ্ঘ ৫০ বছৰৰ পিছত বানত ডুবিছে ইটালীৰ চহৰ ভেনিছ। সমুদ্ৰৰ জোৱাৰ পৰ্যবেক্ষণ কেন্দ্ৰই সদৰী কৰা তথ্যৰ মতে বুধবাৰে চহৰখনৰ বিভিন্ন অঞ্চলত ৬ফুট উচ্চতালৈ উঠা জোবাৰে সৃষ্টি কৰে তাণ্ডবৰ। ইয়াৰ পিছতেই স্তৱ্ধ হৈ পৰে চহৰখনৰ স্ৱাভাৱিক জনজীৱন।…

জাপানৰ প্ৰযুক্তিৰে প্ৰতিৰোধ হ’ব দিল্লীৰ বায়ু প্ৰদূষণ

নতুন দিল্লীঃ ভয়াৱহ বায়ু প্ৰদূষণৰ কবলত ৰাজধানী দিল্লী।  বায়ু প্ৰদূষণৰ ফলত ব্যাহত হৈ পৰিছে ৰাজধানী দিল্লীৰ স্ৱাভাৱিক জনজীৱন। বিজ্ঞানী তথা বতৰ বিজ্ঞানীসকলৰ মতে নতুন দিল্লীত বায়ু প্ৰদূষণে আৰু বিপদজনক পৰ্যায়লৈ গতি কৰিব।  দিল্লীৰ বিদ্যালয়সমূহ…

আদালত অৱমাননাৰ গোচৰত ৰাহুল গান্ধী মুক্ত

নিউজ ডেস্ক ১৪ নৱেম্বৰঃআদালত অৱমাননাৰ  গোচৰত ৰাহুল গান্ধী মুক্ত। সৰ্বোচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীৰ ক্ষমা প্ৰাৰ্থনা মঞ্জুৰ কৰিলে আৰু কোনো ধৰণৰ গোচৰ চলাব নোৱাৰিব বুলি আদেশ দিয়ে। ইয়াৰ উপৰিও ন্যায়ালয়ে ৰাহুল গান্ধীক সতৰ্ক কৰি দি কয় য়ে ৰাজনৈতিক…

ফুটবলৰ পৰা অৱসৰ স্পেনিছ তাৰকা ডেভিদ ভিল্লাৰ

স্পৰ্টছডেস্ক, ১৪ নৱেম্বৰঃ ১৯ বছৰীয়া বৰ্ণিল আন্তৰ্জাতিক কেৰিয়াৰ সামৰাৰ সিদ্ধান্ত ল'লে স্পেইন তথা বাৰ্চিলোনাৰ প্ৰাক্তন ফৰৱাৰ্ড ডেভিদ ভিল্লাই । ৩৭ বছৰীয়া ফুটবলাৰগৰাকীয়ে বুধবাৰে ফুটবলৰ পৰা অৱসৰৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰি কয় যে চলিত জে…

নতশিৰ পাকিস্তানঃ অসামৰিক ক’ৰ্টত আবেদনৰ সুযোগ পাব কুলভূষণ যাদৱে

নিউজডেস্ক, ১৪ নৱেম্বৰঃ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ আন এক কূটনৈতিক হেঁচাত ভাৰতীয় কাৰাবন্দী কুলভূষণ যাদৱক লৈ নতশিৰ হ'ল পাকিস্তান । চোৰাংচোৱাগিৰি আৰু সন্ত্ৰাসবাদৰ সৈতে জড়িত থকাৰ অপৰাধত পাকিস্তানৰ সামৰিক আদালতে মৃত্যুদণ্ডৰ শাস্তি ঘোষণা কৰা…

উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে ৰাফেল বিবাদৰ আৱেদন

নিউজ ডেস্ক ১৪ নৱেম্বৰঃ ৰাফেল বিবাদ লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে ৰাফেলৰ পুনৰ বিচাৰৰ আৱেদন। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত বিচাৰ পীঠে ৰাফেল বিবাদৰ পুনৰ বিচাৰৰ আৱেদন খাৰিজ কৰে। সৰ্বোচ্চ…

কাটাঝাৰ-কাহিতামা পথৰ দুৰৱস্থাত ৰাইজৰ দুৰ্ভোগ

নিয়মীয়া বাৰ্তা,১৪ নৱেম্বৰঃ বাক্সা-বৰপেটাৰ সীমামূৰীয়া তথা সৰভোগ সমষ্টিৰ অন্তৰ্গত কাটাঝাৰ-কাহিতামা সংযোগী এই পথটো অতি ব্যস্ত । কিন্তু পথ বুলিবলৈ আছে ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁত আৰু জৰাজীৰ্ণ হৈ পৰা পিটচ্ । সীমামূৰীয়া এই পথটোৰে বাক্সাৰ খাৰিজা…

নিবনুৱাসকলৰ বাবে আদৰ্শ নগাঁৱৰ জিতেন বৰা

নগাঁও, ১৪ নৱেম্বৰঃ সাংগঠনিক কাম-কাজৰ সমান্তৰালকৈ নগাঁৱৰ এজন কৃষক নেতাই কৃষিকে জীৱিকাৰ পথ ৰূপে গ্ৰহণ কৰিছে । শিক্ষিত নিৱনুৱা যুৱক-যুৱতীসকলৰ বাবে আদৰ্শস্বৰূপ হৈ পৰা এই কৃষকজন হৈছে জিতেন বৰা । নগাঁও জিলাৰ কৃষ্ণাইখাটৰ জিতেন বৰাই নগাঁৱৰ আনন্দৰাম…

কেনে অৱস্থাত উত্তৰ-পূবৰ দুৱাৰমুখ জালুকবাৰী ৰটাৰী পইণ্ট !

নিউজ ডেস্ক,১৪ নৱেম্বৰঃ উত্তৰ-পূবৰ দুৱাৰমুখ হিচাপে পৰিচিত জালুকবাৰী ৰটাৰী পইণ্টৰ কদৰ্য পৰিৱেশে নাগৰিকসকলক অতিষ্ঠ কৰি তোলাৰ লগতে গুৱাহাটী মহানগৰীলৈ অহা অন্য ৰাজ্যৰ নাগৰিকসকলৰ মনত গুৱাহাটী সম্পৰ্কে বিৰূপ প্ৰভাৱ পেলাইছে । জালুকবাৰী উৰণীয়া…