নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্য ন্যায়াধীশ ৰূপে দায়িত্ব ল’লে এছ এ ব’বডেই

নিউজডেস্ক, ১৭ নৱেম্বৰঃ সোমবাৰে উচ্চতম ন্যায়ালয়ৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব ল'লে জেষ্ঠ ন্যায়াধীশ শাৰদ অৰবিন্দ ব'বডেই । দেওবাৰে অৱসৰ গ্ৰহণ কৰা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ পৰা দায়িত্ব গ্ৰহণ কৰে এছ এ ব'বডেই । মহাৰাষ্ট্ৰৰ নাগপুৰত…

চিৰাঙত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আটক ১ জন

চিৰাং, ১৯ নৱেম্বৰঃ চিৰাঙত নিশা ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দহলাপাৰাস্থিত টোলগেটৰ পৰা ড্ৰাগছ বিক্ৰী কৰিবলৈ অহা এজন যুৱকক আটক কৰে স্থানীয় ৰাইজে । আটকাধীন ব্যৱসায়ীজনৰ পৰা স্থানীয় ৰাইজে ৫২ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰে ৷ পৰৱৰ্তি সময়ত…

পলকতে আজিৰ দিনটো

আজি সোমবাৰ অসমীয়া তাৰিখ অনুসৰি ১ আঘোণ, ১৯৪১ শক ইংৰাজী তাৰিখ অনুসৰি ১৮ নৱেম্বৰ, ২০১৯ চন স্থলসেনা দিৱস ১৯৭২ চনত গায়ক জুবিন গাৰ্গৰ জন্ম ১৯০১ চনত চলচিত্ৰ নিৰ্মাতা ভি শান্তাৰামৰ জন্ম বাঘক ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু ৰূপে স্বীকৃতি প্ৰদান…

আজি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত নেছ’ৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ বাজিছে ৰণদুন্দুভি । সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ শীতকালীন অধিৱেশনত নতুন ৰূপত নাগৰিকত্ব সংশোধনী উত্থাপন হোৱাটো নিশ্চিত হোৱাৰ পাছতে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল…

বাদ পৰিল পাক গায়ক ৰাহাত ফাতেহ আলীৰ গান

ছলমান খানৰ দাবাং থ্ৰীত শুনা নাযাব পাকিস্তানী গায়ক ৰাহাত ফাতেহ আলী খানৰ গান। ভাৰত আৰু পাকিস্তানৰ মাজত অব্যাহত আৰু উত্তেজনাৰ পৰিপ্ৰেক্ষিততেই ছলমান খানৰ দাবাং ছিৰিজৰ এই ছিকুৱেল ছবিখনৰ পৰা পাক গায়কগৰাকীৰ গান বাদ দিয়া বুলি শেহতীয়াকৈ জানিব পৰা…

বলীউডত অজয় দেৱগনৰ শততম ছবি তনাজিঃ দ্য আনচাং ৱাৰিঅ’ৰ

নিউজডেস্ক, ১৭ নৱেম্বৰঃ ছত্ৰপতি শিৱাজীৰ ৰাজত্বকালত সংঘটিত এখন যুদ্ধ, এক বাস্তৱ কাহিনীৰ ভিত্তিত বলীউডত শেহতীয়াভাৱে নিৰ্মাণ চলি আছে এখন বিগ বাজেটৰ ছবি- তনাজিঃ দ্য আনচাং ৱাৰিঅ'ৰ । ঐতিহাসিক পটভূমিত নিৰ্মিত ছবিখনৰ মুখ্য ভূমিকাত দেখা যাব বলীউডৰ…

দেৰগাঁৱৰ ৰঙামাটিত ভয়ংকৰ দুৰ্ঘটনা

দেৰগাঁওঃ দেওবাৰে দেৰগাঁৱৰ ৰঙামাটিত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিল চাৰিচকীয়া বাহন। দুৰ্ঘটনাটোত আহত হয় ৫জনকৈ লোক। আহত এজনৰ অৱস্থা সংকটজনক। আহত আটাইকে ভৰ্তি কৰোৱা হৈছে যোৰহাট অসামৰিক চিকিৎলয়ত ।

গুগল পে’ৰ বাবেই যুৱতীয়ে হেৰুৱালে ১.২৩ লাখ টকা

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰঃ গুগল পে' ব্যৱহাৰকাৰীসকল সাৱধান । আপুনিও যদি গুগল পে' ব্যৱহাৰ কৰে তেনেহ'লে ট্ৰেনজেকঞ্চন কৰাৰ আগত সাৱধান হওক । কাৰণ মহানগৰীত চাইবাৰ অপৰাধী চক্ৰই বৃহৎ জাল মেলিছে । শেহতীয়াকৈ গুৱাহাটী মহানগৰীত চাইবাৰ অপৰাধজনিত দুই…

অযোধ্যা বিবাদৰ ওপৰত স্পৰ্শকাতৰ টুইট কৰি সাংবাদিক গ্ৰেপ্তাৰ

নিউজডেস্ক, ১৭ নৱেম্বৰঃ অযোধ্যা ৰায় আৰু হিন্দু মহাসভাৰ প্রাক্তন নেতা কমলেশ তিৱাৰী হত্যাৰ ঘটনাৰ সন্দৰ্ভত ক্ষতিকাৰক টুইট প'ষ্ট কৰাৰ অভিযোগত শনিবাৰে দিল্লীৰ এগৰাকী ৩৫ বছৰীয়া সাংবাদিকক উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । উল্লেখ্য যে…

ৰাণুৰ সৌন্দৰ্যক লৈ দেশজুৰি তীব্ৰ চৰ্চা; পিচে এইবাৰ সৌন্দৰ্যক লৈ চৰ্চা কিয় ?

নিউজডেস্ক, ১৭ নৱেম্বৰঃ দেশজুৰি পুনৰবাৰ চৰ্চা লাভ কৰিছে ছ'চিয়েল মিডিয়াযোগে জনপ্ৰিয় হৈ পৰা ন-চেলিব্ৰেটি ৰাণু মণ্ডল । সঘনাই চৰ্চালৈ অহা ৰাণু মণ্ডল পিচে এইবাৰ চৰ্চালৈ অহাৰ কাৰণটো বেলেগ । উত্তৰ প্ৰদেশৰ এখন বিউটিপাৰ্লাৰৰ মুকলিৰ বাবে যোৱা ৰাণুৰ…