নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পলকতে আজিৰ দিনটো-

আজি বৃহস্পতিবাৰ অসমীয়া তাৰিখ অনুসৰি ২৭ কাতি, ১৯৪১ শক ইংৰাজী তাৰিখ অনুসৰি ১৪ নৱেম্বৰ, ২০১৯ চন  আজি শিশুদিৱস ১৯৪২ চনত জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰ জন্ম ১৯৬৯ চনত এপলো-১২ মহাকাশ যানৰ উৎক্ষেপণ ১৮৮৯ চনতদেশৰ প্ৰথমগৰাকী…

প্ৰাচী কাশ্যপৰ ৰহস্যজনক মৃত্যু : ন্যায় বিচাৰি কৰ্মাচৰ শিক্ষাৰ্থীৰ সমদল

নিউজ ডেস্ক,১৪ নৱেম্বৰঃ মায়ানগৰী মুম্বাইত মৃত্যুবৰণ কৰা মহানগৰীৰ দক্ষিণগাঁৱৰ প্ৰতিভাৱান ছাত্ৰী প্ৰাচী কাশ্যপ হত্যাৰ ন্যায় বিচাৰি বৃহস্পতিবাৰে বিয়লি ৰাজপথত উলিওৱা হ'ব এক সমদল । গুৱাহাটী কমাৰ্চ কলেজ ছাত্ৰ একতা সভাৰ উদ্যোগত বিয়লি ৪.৩০ বজাত…

অৰুণাচলৰ যাতায়তত নৱ সংযোজন : শুকুৰবাৰে চিচিৰি দলং মুকলি কৰিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে

নিউজ ডেস্ক,১৪ নৱেম্বৰঃ অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলা আৰু নামনি ডিবাং ভেলী জিলা দুখনৰ মাজেৰে বৈ যোৱা চিচিৰি নৈৰ ওপৰত নিৰ্মাণ কৰা বহুচৰ্চিত দলংখন শুকুৰবাৰে মুকলি কৰা হ'ব । প্ৰদেশখনৰ পাচিঘাট আৰু ৰঙিয়াৰ মাজত অৱস্থিত নৱনিৰ্মিত দলংখন দেশৰ…

শিশু দিৱস উপলক্ষে মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

গুৱাহাটী, ১৪ নৱেম্বৰঃ আজি শিশুদিৱস । দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে এই দিনটো শিশুদিৱস হিচাপে সমগ্ৰ দেশজুৰি পালন কৰা হয় । বৃহস্পতিবাৰে পুৱাই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলো শিশুকে টুইট…

‘অসম দৰ্শন’ আৰু ‘অৰুন্ধতী স্বৰ্ণ’ : শীৰ্ষ বিষয়াৰে বৈঠক মন্ত্ৰী ড০ হিমন্ত…

নিউজ ডেস্ক,১৪ নৱেম্বৰঃ চলিত বিত্তীয় বৰ্ষৰ বাজেটত ঘোষণা হোৱা দুখন উল্লেখ্যযোগ্য আঁচনি হৈছে 'অসম দৰ্শন' আৰু 'অৰুন্ধতী স্বৰ্ণ' । এই দুয়োখন আঁচনি ৰূপায়ণৰ আধাৰ নীতি চূড়ান্ত কৰাৰ বাবে বুধবাৰে সংশ্লিষ্ট বিভাগ সমূহৰ শীৰ্ষ বিষয়াৰ সৈতে এক বৈঠকত…

আজি উচ্চতম ন্যায়ালয়ে দিব ৩ টাকৈ গুৰুত্বপূৰ্ণ ৰায়দান

নিউজডেস্ক, ১৪ নৱেম্বৰঃ বৃহস্পতিবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব তিনিটাকৈ গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়দান । এই বিশেষ তিনিটা গোচৰৰ হৈছে- সাৱৰিমালা গোচৰ, ৰাফেল যুদ্ধ বিমান কেলেংকাৰী আৰু চৌকিদাৰ চৌৰ হে গোচৰ । উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ মুখ্য…

সিন্ধুৰ জৰিয়তে বিশ্বত ভাৰতীয় বেডমিণ্টনৰ শক্তি প্ৰতিষ্ঠা হ’লঃ ড০ শৰ্মা

স্পৰ্টছ ডেস্ক,১৪ নৱেম্বৰঃ ভাৰতীয় বেডমিণ্টন সন্থাই স্পৰ্টছ লাইভৰ সহযোগত আয়োজন কৰা বিশ্বৰ পেছাদাৰী বেডমিণ্টন প্ৰতিযোগিতা প্ৰিমিয়াৰ বেডমিণ্টন লীগ (পি বি এল) অহা বৰ্ষৰ ২০ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব । উল্লেখ্য যে, চাৰি বছৰৰ অপৰিসীম জনপ্ৰিয়তাৰ পিচত…

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক নাটক

বিশ্বৰ দ্বিতীয় বৃহত্তম গণতন্ত্ৰ বুলি আস্ফালন কৰি থকা ৰাজনৈতিক দলসমূহৰ বাবে ১৩০ কোটি জনসংখ্যাৰ দেশ ভাৰত লজ্জানত হ'বলগীয়া হৈছে । মহাৰাষ্ট্ৰৰ শেহতীয়া ক্ষমতাৰ খঁকৰ যুঁজেই উদঙাই দিছে দেশত গণতান্ত্ৰীক শাসন ব্যৱস্থাৰ নামত আচলতে কি চলি আছে ।…

খুচুৰা মুদ্ৰাস্ফীতি ৪.৬২ শতাংশলৈ বৃদ্ধি

নিউজ ডেস্ক,১৪ নৱেম্বৰঃ মূল্যবৃদ্ধিৰ বাবেই দেশৰ খুচুৰা মুদ্ৰাস্ফীতি ঘটিছে । যোৱা অক্টোবৰ মাহত খুচুৰা মুদ্ৰাস্ফীতি ৪.৬২ শতাংশলৈ বৃদ্ধি পালে । কেন্দ্ৰীয় চৰকাৰৰ এটা সূত্ৰত এই কথা প্ৰকাশ পাইছে । অতিৰিক্ত আৰু অপ্ৰত্যাশিত বৰষুণৰ বাবে পৰিবহণ…

শিক্ষকৰ হাতত ড্ৰাগছঃ আৰক্ষীৰ জালত তুলেন মৰাণ

নিয়মীয়া বাৰ্তা,১৪ নৱেম্বৰঃ এইবাৰ শিক্ষকো নামিল মাৰাত্মক ড্ৰাগছৰ বেহাত । শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিক কলংকিত কৰি ড্ৰাগছৰ ব্যৱসায় চলাই থকা তুলেন মৰাণ নামৰ লোকজনক পেঙেৰীত বুধবাৰে ড্ৰাগছসহ হাতে-লোটে ধৰা পেলাই স্থানীয় যুৱকে । ইনথেন মধ্য ইংৰাজী…