নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎকোচৰ অডিঅ’–ভিডিঅ’ই জোকাৰিছে ৰাজ্য

নিয়মীয়া বার্তা, ৫ ডিচেম্বৰঃ ৰাজ্যত শাসনভাৰ গ্রহণ কৰিয়েই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে দুর্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি ইতিমধ্যে বহুতো দুর্নীতিগ্রস্ত বিষয়–কর্মচাৰীক জে’ল–হাজোতলৈ প্রেৰণ কৰিছে যদিও বর্তমানেও একাংশ বিষয়া–কর্মচাৰীয়ে মুখ্যমন্ত্রীৰ শূন্য সহনশীলতাক অংগুষ্ঠ প্রদর্শন কৰি আহিছে ৷ কামৰূপ জিলাৰ ছয়গাঁও শিক্ষাখণ্ডৰ খণ্ড প্রাথমিক শিক্ষা বিষয়া নিত্য প্রসাদ মহন্তই গেলামালৰ দোকানৰ আলু–পিঁয়াজ বিক্রী কৰাৰ দৰে কিদৰে নিজৰ চহী বিক্রী কৰি ধন লয়, তেনে ঘোচ লোৱাৰ দৃশ্য গোপন কেমেৰাত বন্দী হোৱাৰ পাছতে সমগ্র অঞ্চল তোলাপাৰ লাগিছে ৷

সংখ্যালঘু ছাত্র–ছাত্রীৰ বৃত্তিৰ বাবে জিলা প্রাথমিক শিক্ষা বিষয়াৰ কার্যালয়লৈ নামৰ তালিকা ফ’ৰৱার্ডিঙত চহী কৰাৰ বাবদ প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষক–শিক্ষয়িত্রীৰ পৰা শিক্ষা বিষয়াগৰাকীয়ে জোৰপূর্বক নগদ ধন লোৱাৰ তথ্য পোৱা বুলি প্রকাশ কৰে ৷

ইপিনে হাটশিঙিমাৰীৰ মালিৰ আলগা গাঁও পঞ্চায়তত প্রধানমন্ত্রী আৱাস যোজনাৰ ঘৰ নির্মাণৰ বাবে দহ হাজাৰ টকা ম’বাইল ফোনত দাবী কৰি টকা নিদিলে কাম নহ’ব বুলি হিতাধিকাৰীক হুমকি প্রদান কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । লগতে সেই অডিঅ’ ভাইৰেল হৈ পৰাত পঞ্চায়ত প্রতিনিধিজনে ধন লোৱাৰ কথা একপ্রকাৰ স্বীকাৰ কৰি, তলৰ পৰা ওপৰৰ সকলোকে টকা দিব লাগে বুলি সাংবাদিকৰ আগত বিস্ফোৰক মন্তব্য কৰে ৷

You might also like