নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ত হ’ব বিটিআৰৰ কেন্দ্রীয় বিশ্ববিদ্যালয় ? এখনৰ পাছত আনখন সভা !

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ যোৱা ২৭ জানুৱাৰীত স্বাক্ষৰিত হ’ল বড়োসকলৰ বহু প্রত্যাশাপূর্ণ বডো চুক্তি৷ সেই চুক্তি অনুসৰি বাগ্সা জিলাৰ বৰমাত স্থাপন হ’ব অসমৰ দ্বিতীয়খন কেন্দ্রীয় বিশ্ববিদ্যালয়৷ এই বিশ্ববিদ্যালয়খন বৰমাৰ কোন গাঁৱত হ’ব, সেই লৈ বিভিন্ন মহলত আলোচনা পৰিলক্ষিত হৈছে৷ বহুতো ঠাইৰ মানুহে বিশ্ববিদ্যালয়খন নিজ অঞ্চললৈ লৈ যাব বিচৰাও পৰিলক্ষিত হৈছে৷ এই বিষয়টো সন্দর্ভত বৰমা গাঁৱত সভাও অনুষ্ঠিত হৈছে৷ বাগ্সা জিলাৰ বৰমা গাঁৱৰ বডো সশস্ত্র সংগ্রামখনলৈ আছে যথেষ্ট ত্যাগ৷ যিহেতুকে বডো চুক্তিখনত বৰমা বুলি উল্লেখ আছে, গতিকে বৰমা গাঁৱতে এই বিশ্ববিদ্যালয়খন হ’ব লাগে বুলি সর্বসন্মত সিদ্ধান্তমর্মে কঁকালত টঙালি বান্ধিছে বৰমাবাসীয়ে৷

১৯৯৭ চনৰ ১১ জানুৱাৰীত বৰমা গাঁৱৰ ম’হখুলি চুবাত ভোগালী বিহুৰ আগদিনা একেলগে নজন ব্যক্তিক হেৰুৱাব লগা হৈছিল৷ দুজনকৈ এন ডি এফ বিৰ কেডাৰ নিহত হৈছিল৷বহুতো লোক জে’ললৈ যাব লগা হৈছে৷ বহুতে অত্যাচাৰৰ সন্মুখীন হৈছে৷ সেয়ে ২৭ জানুৱাৰীৰ বডো চুক্তিত বৰমাত কেন্দ্রীয় বিশ্ববিদ্যালয়খন হ’ব বুলি উল্লেখ থকাত আনন্দ প্রকাশ কৰিছে বৰমাবাসীয়ে৷ কিন্তু বিটিচি হোৱাৰ সময়ত বঞ্চিত হোৱাৰ দৰে এইবাৰো বৰমাকবঞ্চিত কৰাৰ আশংকা প্রকাশ কৰিছে ৰাইজে৷ সেয়ে বৰমাৰ ওচৰে–পাঁজৰে থকা সকলো ৰাইজ একত্রিত হৈ দুইলানি আলোচনা অনুষ্ঠিত কৰিছে৷ এই উদ্দেশ্যে কালিও ম’হখুলিত এখন সভা অনুষ্ঠিত হয়৷ স্থানীয় সমাজকর্মী মুস্তাফা আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বৰমাৰ ম’হখুলি, নাথপাৰা, দীঘেলী, দহকাউনীয়া আদিকে ধৰি বিভিন্ন গাঁৱৰ সচেতন লোক উপস্থিত হয়৷ সভাত অঞ্চলটোৰ কেইবাজনো লোকে যিকোনো মূল্যৰ বিনিময়ত কেন্দ্রীয় বিশ্ববিদ্যালয় লাগিবই বুলি মত প্রকাশ কৰে৷ উল্লেখ্য যে বিশ্ববিদ্যালয়ৰ বাবে প্রয়োজনীয় চৰকাৰী ভূমি থকাৰ উপৰি ব্যক্তিগত ভূমিও ইতিমধ্যে ৰাইজে দিয়াৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে৷ কেন্দ্রীয় বিশ্ববিদ্যালয় এখনৰ বাবে প্রয়োজনীয় ৰাষ্ট্রীয় ঘাইপথ, ৰে’লপথ বৰমাৰ নিচেই ওচৰত থকা বাবে বৰমা গাঁৱত এই বিশ্ববিদ্যালয় হোৱাটো জৰুৰী বুলিও বক্তব্য আগবঢ়ায় সভাত৷ এই সন্দর্ভত বহল ভিত্তিত আলোচনা কৰাৰ বাবে পুনৰ অহা ১৬ ফেব্রুৱাৰীত ম’হখুলিত এখন সভা অনুষ্ঠিত হ’ব বুলিও জানিবলৈ দিছে উদ্যোক্তাসকলে৷ সেই সভাত ৰাইজৰ উপস্থিতি কামনা কৰিছে৷

You might also like