নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খুমটাই জয়া গগৈ মহাবিদ্যালয়ৰ উদ্যোগত গুলুংটেমেৰাত বিনামূলীয়া চকু চিকিৎসা শিবৰ সম্পন্ন

নিয়মীয়া বাৰ্তা,  ২১মে’:: খুমটাই জয়া গগৈ মহাবিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ উদ্যোগত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান মূল্যায়ন কোষৰ আৰু  HIGHT PLUS(EYE CARE FOUNDATION JORHAT)ৰ সহযোগত বিনামূলীয়া চকু পৰীক্ষা শিৱিৰ আজি গুলুংটেমেৰা শ্বহীদ কমলা মিৰি হাইস্কুলত অনুষ্ঠিত হৈ যায়। গুলু্ংটেমেৰাৰ বিশিষ্ট সমাজ কৰ্মী হলিৰাম লইঙে বন্তি প্ৰজ্বলন কৰি আৰম্ভণি কৰা শিৱিৰত খুমটাই জয়া গগৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অমিয় কুমাৰ দাসে‌ শুভেচ্ছা মূলক বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত সহযোগী অধ্যাপক মহেন্দ্ৰ হাজৰিকা, আভ্যন্তৰীণ মান মূল্যায়ন কোষৰ সমন্বয়ক অঞ্জন নাথ,আপকু কেন্দ্ৰীয় সমিতিৰ  সম্পাদক প্ৰনৱ চক্ৰৱৰ্ত্তী, কোষাধক্ষ নবীন গোহাঁই, মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সম্পাদক সঞ্জীৱ গগৈ, গুলুংটেমেৰা শ্বহীদ কমলা মিৰি হাইস্কুলৰ প্ৰধান শিক্ষক বিনোদ কুমাৰ লই্ং উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। আনহাতে মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা সকলৰ লগতে প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ বিষয়ববীয়া উপস্থিত থকা অনুষ্ঠানটি আঁত ধৰে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ জেষ্ঠ  অধ্যাপিকা গায়ত্ৰী দেৱী আৰু অধ্যাপিকা ডঃ আচফি বেগমে।  বিনামূলীয়া চকু পৰীক্ষা শিৱিৰত সেৱা আগবঢ়াই ডাঃ সঞ্জীৱ বুঢ়াগোহাঁইয়ে। অঞ্চলটোৰ কেইবাশতাধিক ৰোগীয়ে চকু পৰীক্ষা কৰাই এই শিৱিৰত।
You might also like