নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত ৩টাকৈ বাসগৃহ

নিয়মীয়া বাৰ্তা, ৯ফেব্ৰুৱাৰীঃ ৰাজ্যত পুনৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। গহপুৰৰ ৰাওনামুখত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। খগেন কুটুম নামৰ এজন লোকৰ বাসগৃহত জুই। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে ৰাইজে। আনহাতে জুইত গণেশ কুটুমৰ বাসগৃহৰ লগতে আন তিনিটা বাসগৃহও ভস্মীভূত হয়। অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত জাহ যোৱাৰ লগতে জুই নিৰ্বাপনৰ বাবে অহা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীও ক্ষতিসাধন হয়।

You might also like