নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোসাইগাঁৱত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান; শাল কাঠ জব্দ

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ ধ্বংসৰ গৰাহত ইতিহাস প্ৰসিদ্ধ কচুগাঁও বনাঞ্চল। বন বিভাগে নাকি লগাব পৰা নাই চোৰাং কাঠ মাফিয়াক।

দীৰ্ঘদিনৰ পৰা মূৰৰ কামোৰণি হৈ পৰা বন মাফিয়াৰ বিৰুদ্ধে অৱশেষত কোকৰাঝাৰৰ কচুগাঁও বনাঞ্চলৰ ছানফান ৰেঞ্জৰ মইনাগুৰীত বন বিভাগে চলালে অভিযান।

অভিযানত ৩১ টা ডাঙৰ ডাঙৰ শাল কাঠৰ কুণ্ডা উদ্ধাৰ কৰে বন বিভাগে। ইপিনে এই উদ্ধাৰকৃত শাল কাঠৰ কুণ্ডাকেইটাৰ বজাৰ মূল্য প্ৰায় ৯ লাখ টকা হ’ব বুলি বন বিভাগে জানিবলৈ দিয়ে।

উল্লেখ্য যে গোসাঁইগাঁও ফৰেষ্ট ডিৰ্পোটৰ নেতৃত্বত এণ্টিকৰাপচন আৰু ক্ৰাইম ইনভেষ্টিগেচন আৰু এছ এছ বিৰ ৩১ নম্বৰ বেটেলিয়নৰ যৌথ উদ্যোগত চলিছিল এই অভিযান।

You might also like