নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাটশিঙিমাৰীৰ শিশুমাৰাত চোৰাং গৰুসহ আটক তিনি সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ শিশুমাৰাৰ বাংলাদেশ সীমান্তৰ পৰা শুকুৰবাৰেনিশা বিএছএফে অভিযান চলাই ১৫টা গৰু জব্দ কৰিবলৈ সক্ষম হয়৷

ঘন কুঁৱলীৰ সুযোগ লৈ চোৰাং গৰু সৰবৰাহকাৰীয়ে বাংলাদেশলৈ গো–ধন সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল৷ কিন্তু শিশুমাৰা কেম্পৰ বিএছএফে আগতীয়াকৈ খবৰ পাই উক্ত ঠাইত অভিযান চলাই ১৫টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে চোৰাং গৰু সৰবৰাহকাৰী দুগৰাকীক আটক কৰে৷

ধৃত চোৰাং গৰু সৰবৰাহকাৰী দুজন সুখচৰ থানাৰ অন্তর্গত বৰাইটি গাঁৱৰ মুনছুৰ আলীৰ পুত্র আনাৰুল ইছলাম আৰু মানকাচৰ থানাৰ অন্তর্গত চমৰাশালী গাঁৱৰ আকবৰ আলীৰ পুত্র ৰুবুল শ্বেখ ৷ শনিবাৰে বিএছএফে ১৫টা চোৰাং গৰুসহ চোৰাং গৰু সৰবৰাহকাৰীদ্বয়ক্ খাৰুৱাবান্ধা আৰক্ষী চকীত চমজাই দিয়ে৷

You might also like