নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথ দুৰ্ঘটনাত নিহত কেইজনো লোক

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথ দুৰ্ঘটনাত নিহত কেইজনো লোক।বঙাইগাঁৱৰ কীৰ্তনপাৰাত বাইক দুৰ্ঘটনাত থিতাতে নিহত দুজনকৈ লোক নিহত লোকদুজন ক্ৰমে গংগা মণ্ডল আৰু বুদ্ধ আৰ্য্য। আনহাতে দুৰ্ঘটনাত মৃত্যুঞ্জয় মণ্ডল নামৰ আন এজন যুৱক আহত হয়। আহত যুৱকজনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

         বাক্সাৰ দীঘলদঙাতো পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰিল এখন বলেৰ’ পিকভান ভান। দুৰ্ঘটনাত আহত মহিলাসহ ২০গৰাকী লোক। আহত আটাইকে ভৰ্তি কৰোৱা হৈছে হাস্পতালত। কোকৰাঝাৰৰ বিজয় উৎসৱৰ পৰা উভতাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা। জোনাইতো বাইক দুৰ্ঘটনাত নিহত এজন যুৱক। নিহত যুৱকজনৰ নাম গৌতম পেগু।

You might also like