নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুল ৰাভাৰ গীতে অপমান কৰিছে চুতীয়া জনগোষ্ঠীক

ধেমাজি–তিনিচুকীয়া–গ্ গোচৰ ৰুজু

নিয়মীয়া বার্তা, ২ ডিচেম্বৰঃ অসমৰ অন্যতম ভূমিপুত্র চুতীয়া জনগোষ্ঠীক লৈ এটি অশ্লীল গীত পৰিৱেশন কৰি বিতর্কৰ আৱর্তত সোমাই পৰিছে এজন তথাকথিত গায়ক ৷ গোৱালপাৰা জিলাৰ বলধনগৰ, বাপুজী গাঁৱৰ যুৱক এম চি চাইকো ওৰফে ৰাহুল ৰাভা নামৰ তথাকথিত ৰেপ গায়কে ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্রচাৰ কৰা এটা গীতে অপমানিত কৰিছে অসমৰ আদিম ভূমিপুত্র চুতীয়া জনগোষ্ঠীক, য’ত ‘চাল্লা চুতীয়াৰ জাত একেচৰে ভাঙি দিম দাঁত’ বুলি জনগোষ্ঠীটোক চূডান্তভাৱে তাচ্ছিল্য আৰু অপমান কৰা হৈছে ৷ জনগোষ্ঠীটোৰ ছাত্র সংগঠন সদৌ অসম চুতীয়া ছাত্র সন্থাৰ বিষয়ববীয়াই এই প্রতিক্রিয়া প্রকাশ কৰি আৰু কৈছে যে জনগোষ্ঠীটোক তাচ্ছিল্য বা অপমান কোনো কাৰণতে সহ্য কৰা নহয় আৰু ইতিমধ্যে ধেমাজী, তিনিচুকীয়া, গোলাঘাটৰ লগতে কেইবাখনো জিলাত পৃথকে পৃথকে ৰাহুল ৰাভা নামৰ ভণ্ড গায়কৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে ৷ অসমৰ বাহিৰৰ পৰা আমদানিকৃত শব্দ ব্যৱহাৰ কৰি অসমৰ আদিম জনগোষ্ঠী চুতীয়াসকলক অপমানিত কৰাৰ অধিকাৰ কাৰোৱে নাই বুলি স্পষ্ট কৰাৰ লগতে জনজাতীয় খিলঞ্জীয়া ৰাভা সম্প্রদায়ৰ অশ্লীল গান গোৱা যুৱকৰ অসমৰ ভৌগোলিক তথ্য, অসমৰ ইতিহাস নজনাটো হাস্যকৰ আৰু অভিভাৱকৰ কৰণীয় নাই নেকি বুলিও প্রশ্ণ উত্থাপন কৰে ছাত্র সংগঠনটোৱে ৷ অসমৰ খিলঞ্জীয়া জনজাতি– জনগোষ্ঠীক নিজ মানুহৰ দ্বাৰাই বাৰম্বাৰ অপমান কৰাটো অতি লজ্জাজনক, লগতে অসমীয়া কৃষ্টি–সংস্কৃতিৰ ৰক্ষণাবেক্ষণ বাবেও ব্যৱস্থা গ্রহণৰ দাবীসহ প্রশাসন তথা চৰকাৰে এই তথাকথিত গায়কৰ বিৰুদ্ধে তৎকালে কোনো ব্যৱস্থা নল’লে সংগঠনটোৱে আইন হাতত তুলি নিজেই ব্যৱস্থা লোৱাৰ কথা জানিবলৈ দিয়ে ৷

You might also like