অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনি (ATISIS), ২০২০ আনুষ্ঠানিকভাৱে মুকলি
নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনি (ATISIS), ২০২০ আনুষ্ঠানিকভাৱে মুকলি কৰে। এই ঐতিহাসিক আঁচনিখনৰ উদ্দেশ্য হৈছে চাহ বাগিচাসমূহলৈ অনুদানৰ যোগেদি ৰাজ্যখনত অৰ্থডক্স/বিশেষ চাহৰ উৎপাদন বৃদ্ধি কৰা।
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে যদিও অসমে বেছিকৈ চি টি চি চাহ উৎপাদন কৰে তথাপি উৎপাদনৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে অৰ্থডক্স চাহ উৎপাদনত জোৰ প্ৰদানৰ বাবে এই আঁচনি আৰম্ভ কৰা হৈছে। নতুন আঁচনিখনে চাহ বাগিচাসমূহক উৎপাদনমুখী কৰি তুলিব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।
চাহ বাগিচাৰ বাসিন্দাসকলৰ সামাজিক সুৰক্ষা বৃদ্ধিৰ লক্ষ্যৰে অসম চৰকাৰে চাহ বাগিচাসমূহৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰাৰ লক্ষ্যৰে চাহ বাগিচাৰ স্বাস্থ্য কেন্দ্ৰ আৰু শিক্ষা-প্ৰতিষ্ঠানসমূহ চৰকাৰে ক্ৰমান্বয়ে অধিগ্ৰহণ কৰাৰ পৰিকল্পনা কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্য চৰকাৰে ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত জল জীৱন মিছনৰ অধীনত প্ৰতিখন চাহ বাগিচাৰ ঘৰেপতি নলৰ পানীৰ সংযোগ প্ৰদান আৰু অসম গেছ কোম্পানীৰ গেছ গ্ৰিডৰ জৰিয়তে তিনিচুকীয়া, ডিব্ৰুগড় আৰু শিৱসাগৰকে ধৰি উজনি অসমৰ জিলাসমূহৰ প্ৰতিখন চাহ বাগিচাৰ ঘৰে প্ৰতি গেছ পাইপলাইন সংযোগ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা উল্লেখ কৰে।