আপেল-বগৰীৰ খেতিৰে স্বাৱলম্বী হৈছে ঢকুৱাখনাৰ যুৱক বুলবুল দত্ত
নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ কৰ্মস্পৃহাই মানুহক যে সদায় উদ্যমী কৰি ৰাখে, তাৰ জ্বলন্ত নিদৰ্শন দাঙি ধৰিছে ঢকুৱাখনাৰ এজন উদ্যমী যুৱকে।ঢকুৱাখনাবাসীৰ আয়োখৰেখা স্বৰূপ চাৰিকড়ীয়া নৈৰ পাৰত কৃষি কৰ্মৰে জীৱিকাৰ সপোন ৰচিছে এইজন উদ্যমী যুৱকে।ঢকুৱাখনাৰ কমাৰ গাঁৱৰ উদ্যমী যুৱক বুলবুল দত্তই ঢকুৱাখনা কৃষি বিভাগৰ দিহা-পৰামৰ্শত আপেল সদৃশ ৰঙা আৰু সেউজীয়া থাইলেণ্ড বগৰীৰ খেতিৰে স্বাৱলম্বীতাৰ সপোনক বাস্তবায়িত কৰি তুলিছে ৷ ১৩ বছৰে কেৰেলাৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত হৈ থকা যুৱক বুলবুল দত্তই দেশত ক’ৰোনা কেন্দ্ৰিক প্ৰথমটো লকডাউনতে ঘৰলৈ ঘূৰি আহি ঢকুৱাখনা কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া মন্দিৰা বৰবৰা আৰু গ্ৰামসেৱক সুশীল বৰুৱাৰ পৰামৰ্শত নিজৰেই ছন পৰি থকা এবিঘা মাটি খেতি কৰিবলৈ সুপৰিকল্পনাৰে সাৰ পানীৰ ব্যৱস্থা কৰি মাটি প্ৰস্তুত কৰি উলিয়ালে৷
পশ্চিমবংগৰ পৰা উন্নতমানৰ থাইলেণ্ড বগৰী গছৰ প্ৰায় দুশ পুলি আনি ৰোপন কৰিলে৷ সাৰ পানী যোগান ধৰি যতন ল’লে।কিছুদিনৰ পিছত পুলিসমূহ ডাঙৰ হোৱাত লমা লোমে ফল লাগিল আৰু বিক্ৰীৰ বাবে উপযোগীও হৈ উঠিল। প্ৰথম বছৰতে তেওঁৰ বাগানত লগা থাইলেণ্ড বগৰী বিক্ৰী কৰি যথেষ্ট লাভান্বিত হোৱাৰ কথা জানিবলৈ দিছে।মাত্ৰ ৪/৫ ফুট উচ্চতাৰ প্ৰতিজোপা বগৰী গছতে উৎপাদন হৈছে-৩০/৪০ কিলোগ্ৰামকৈ অতি সুস্বাদু বগৰী।প্ৰতিজোপা গছত লমা লমে লাগি থকা পকিবলৈ ধৰা আপেল বগৰীৰ বাগিছাখনে এতিয়া দৃষ্টি কাঢ়িছে আন বহুতৰ।প্ৰায় চাৰিটা প্ৰজাতিৰ বগৰী থকা বাগানখন চাবলৈ অহা মানুহে বগৰী কিনি লৈ যোৱাৰ উপৰিও বেপাৰী সকলে বাগানৰ পৰাই কিনি নিবলৈ আৰম্ভ কৰিছে৷সেউজীয়া বগৰীবিধৰ দাম প্ৰতি কিলোত ৪০ টকা আৰু আপেল সদৃশ বগৰীবিধ প্ৰতি কিলোত ৬০ পৰা ৮০ টকাকৈ বিক্ৰী কৰি আছে৷আগন্তক দুই সপ্তাহৰ ভিতৰত যুৱকজন এই বগৰি খেতিৰ দ্বাৰা অধিক লাভাম্বিত হোৱাৰ আশা প্ৰকাশ কৰি উৎফুল্লিত হৈ পৰিছে।
যুৱকজনে জনোৱা মতে এইবিধ খেতিত আন খেতিতকৈ তুলনামুলক ভাৱে কষ্ট কম৷ এই খেতিৰ জৰিয়তে উৎসাহিত হৈ পৰিবৰ্তী সময়ত অধিক ভূমিত বগৰী খেতি কৰিবলৈ প্ৰস্ততি চলাই থকা পৰিলক্ষিত হৈছে।বৰ্তমান অঞ্চলটোৰ লগতে সমগ্ৰ মহকুমাটোৰ বাবেই আদৰ্শ হৈ পৰা যুৱ খেতিয়কজনৰ বগৰী খেতিত পূৰ্ণ সহযোগ কৰিছে পিতৃ-মাতৃয়ে। বগৰী খেতিৰ জৰিয়তে ৰাজ্যখনত উপাৰ্জনৰ যথেষ্ট স্থল আৰু আৰু এইক্ষেত্ৰত কৃষি বিভাগক আগ্ৰহী খেতিয়কসকলক সহযোগিতা আগবাঢ়িবলৈ খেতিয়কজনে আহ্বান জনায়।