ইউডিএফৰ ১৬জনীয়া তালিকা প্রকাশ; কংগ্রেছৰ দখলত থকা পাঁচ সমষ্টিত দিলে প্রার্থী
নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ: আসন ভাগ–বাটোৱাৰাক লৈ ঐক্যমতত উপনীত হোৱাৰ পূর্বে দেওবাৰে আনুষ্ঠানিকভাৱে ১৬টা সমষ্টিৰ বাবে এআইইউডিএফে আনুষ্ঠানিকভাৱে প্রার্থী তালিকা ঘোষণা কৰে৷ এআইইউডিএফৰ দখলৰ পৰা ২০১৬ চনৰ নির্বাচনত কংগ্রেছে কাঢ়ি নিয়া কেইবাটাও সমষ্টিত আজি প্রার্থিত্ব প্রদানেৰে কার্যতঃ বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৱে এইবাৰ নামনি অসমৰ অধিকাংশ সমষ্টিৰ পৰাই প্রতিদ্বন্দ্বিতাৰ লক্ষ্য বান্ধি লৈছে৷
দেওবাৰে ঘোষিত ১৬জনীয়া তালিকাৰ প্রার্থীসকল হ’ল– যমুনামুখত চিৰাজুদ্দিন আজমল, বিলাসীপাৰা পশ্চিমত হাফিজ বছিৰ আহমেদ, মানকাছৰত আমিনুল ইছলাম, ধুবুৰীত নজৰুল হক, গৌৰীপুৰত নিজানুৰ ৰহমান, ভৱানীপুৰত ফণী তালুকদাৰ, সোণাইত কৰিমউদ্দিন বৰভূঞা, ধিঙত আমিনুল ইছলাম, জনিয়াত ড০ হাফিজ ৰফিকুল ইছলাম, আলগাপুৰত নিজামুদ্দিন চৌধুৰী, কাটলিচেৰাত চুজামুদ্দিন লস্কৰ, সৰুক্ষেত্রীত মিনাক্ষী ৰহমান, জলেশ্বৰত ৰফিকুল ইছলাম, দলগাঁৱত মুজিবুৰ ৰহমান, চেঙাত আশ্রাফুল হুছেইন আৰু বাঘবৰত ৰাজীৱ আহমেদ৷
উল্লেখ্য যে ২০১৬ চনত মানকাছৰ, দলগাঁও, চেঙা আৰু বাঘবৰ সমষ্টি আছিল কংগ্রেছৰ দখলত৷ এইবাৰ সৰুক্ষেত্রী, জলেশ্বৰ, দলগাঁও, চেঙা আৰু বাঘবৰত এআইইউডিএফে কংগ্রেছৰ সৈতে বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ লক্ষণীয়ভাৱে যমুনামুখত এআইএউডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ পুত্র আব্দুৰ ৰহিম আজমলৰ প্রার্থিত্ব কর্তন কৰা হৈছে৷ পুত্রৰ ঠাইত আজমলে এইবাৰ প্রক্ষেপ কৰিছে ভাতৃ চিৰাজুদ্দিন আজমলক৷ সেইদৰে ভৱানীপুৰ সমষ্টিৰ বিধায়ক আবুল কালাম আজাদকো টিকটৰ পৰা বঞ্চিত কৰি তেওঁৰ স্থলাভিষিক্ত কৰা হৈছে ফণী তালুকদাৰক৷ জলেশ্বৰ সমষ্টিতো এইবাৰ প্রার্থী পৰিৱর্তন কৰিছে এআইইউডিএফে৷ বর্তমানৰ বিধায়ক চাহাব উদ্দিন আহমেদৰ ঠাইত ৰফিকুল ইছলামক টিকট দিয়া হৈছে৷