নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইন্ধনৰ মূল্য বৃদ্ধিক লৈ ধুবুৰীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু অসমৰ ৰাজ্য চৰকাৰে ইন্ধনকে ধৰি ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ সম্পূৰ্ণ ৰূপে ব্যাৰ্থ হোৱাৰ অভিযোগ তুলি আজি ধুবুৰীত যুৱ কংগ্ৰেছৰ নেতৃত্বত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰা হয়। প্ৰতীকী ৰূপে ঘৰুৱা ইন্ধন গেছৰ চিলিণ্ডাৰ এটা লৈ ধুবুৰী জিলাৰ যুৱ কংগ্ৰেছ সভাপতি আলতাফ হুছেইন মণ্ডলৰ নেতৃত্বত প্ৰতিবাদকাৰীসকলে ধুবুৰীস্থ ৰাজীৱ ভৱনৰ সমীপৰ ৰাজপথ বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলে।

You might also like