নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপায়ুক্তৰ নেতৃত্বত আৰক্ষী–প্রশাসন–বন পৰিবহণ–আবকাৰী বিভাগৰ তৎপৰতা

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ চৰকাৰক ৰাজহ ফাঁকিৰে কামৰূপ গ্রাম্য জিলাৰ বিভিন্ন প্রান্তত বিভিন্ন ক্ষেত্রত অব্যাহত থকা অবৈধ কার্যকলাপৰ প্রতিৰোধ তথা দুর্নীতি–নিয়মৰ বিৰুদ্ধে শেহতীয়াকৈ জিলাখনৰ মুৰব্বী হিচাপে উপায়ুক্ত কমল কুমাৰ বৈশ্যই বিশেষ উদ্যোগ গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ ইতিমধ্যে উপায়ুক্তগৰাকীৰ নেতৃত্বতে জিলা প্রশাসন–আৰক্ষী বিভাগ, বন বিভাগ, পৰিবহণ বিভাগ আৰু আবকাৰী বিভাগে এটা টীম হৈ শেহতীয়াকৈ উঠিপৰি লাগিছে জিলাখনত চলি থকা কেতবোৰ অবৈধ কার্যকলাপৰ বিৰুদ্ধে অভিযান চলাবলৈ৷ বিশেষকৈ একাংশ পৰিবেশ বিদ্বেষী লোকে বন বিভাগত অবৈধ কার্যকলাপ চলাই চৰকাৰী ৰাজহ ফাঁকিৰে যি সাম্রাজ্য গোপনে চলাই আছে তাক প্রতিৰোধৰ কল্পে উপায়ুক্তগৰাকীৰ নেতৃত্বত গঠন কৰি দিয়া চাৰিটাকৈ টাস্ক ফ’র্চে অভিযান আৰম্ভ কৰাৰ লগতে নিৰীক্ষণ কৰি থকা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে অবৈধ খনন কার্য, চালানবিহীন কাঠ–বালি সৰবৰাহৰ লগতে অবৈধ সুৰা সৰবৰাহ তথা প্রচলন ইত্যাদি বিষয়ৰ ক্ষেত্রত প্রায়ে দল–সংগঠন আৰু সচেতন মহলৰ মাজত ব্যাপক প্রতিক্রিয়া দেখা যায়৷ আনকি এনেবোৰ অবৈধ কার্য ব্যৱস্থা ৰোধৰ বাবে সময়ে সময়ে কোনো কোনোৱে কামৰূপ উপায়ুক্তগৰাকীৰ হাতত স্মাৰক প্রদানৰ জৰিয়তে বিহিত ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰি আহিছে৷ এনেবোৰ অভিযোগ উত্থাপনৰ পাছতে জিলা প্রশাসনৰ মুৰব্বী তথা এগৰাকী দায়িত্ববাহী বিষয়া হিচাপে উপায়ুক্ত কমল কুমাৰ বৈশ্যই ২৫ ফেব্রুৱাৰীত প্রশাসন, আৰক্ষী, বন, পৰিবহণ, আবকাৰী বিভাগকে ধৰি জিলাখনৰ প্রতিটো বিভাগৰ দায়িত্ববাহী বিষয়াসকলক লৈ এখন বৈঠক আহ্বান কৰিছিল৷ এই বৈঠকতে হোৱা সিদ্ধান্ত অনুসৰি চাৰিটাকৈ টাস্ক ফ’চ গঠন কৰা হৈছিল৷ প্রতিটো টাস্ক ফ’চ এলেকা ধৰি মণ্ডলত ভাগ কৰা হৈছে৷ পলাশবাৰী মণ্ডল, ছয়গাঁও–বকো মণ্ডল, আমিনগাঁও–হাজো মণ্ডল আৰু ৰঙিয়া মণ্ডলত ভাগ কৰা এই চাৰিটা টাস্ক ফ’চত সংপৃক্ত কৰা হৈছে প্রশাসন বিভাগ, কামৰূপৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, জিলা পৰিবহণ বিষয়া গৌতম দাসৰ লগতে সংশ্লিষ্ট চক্র বিষয়া তথা কার্যবাহী দণ্ডাধীশ, এচিএফ ৰেঞ্জাৰ, আবকাৰী বিষয়াকে ধৰি প্রতিটো বিভাগৰ দায়িত্ববাহী বিষয়াসকল৷ টাস্ক ফ’চ গঠন হোৱাৰ পাছতে উল্লিখিত মণ্ডলসমূহত ইতিমধ্যে অভিযান চলোৱাৰ লগতে পৰিকল্পনা অব্যাহত আছে৷ বিশেষকৈ চিলা বনাঞ্চলিক বিষয়া ৰঞ্জিত দত্তই সংশ্লিষ্ট এলেকাটোত অবৈধ কার্যকলাপ ৰোধৰ বাবে তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷ ইপিনে, উপায়ুক্তগৰাকীৰ নেতৃত্বতে বিষয়াগৰাকীয়ে লোৱা কঠোৰ ভূমিকাৰ বাবেই চিলা বন বিভাগত শেহতীয়াকৈ অবৈধ কার্যকলাপ তথা দুর্নীতি–নিয়ম বহুখিনি হ্রাস পোৱা পৰিলক্ষিত হৈছে৷

You might also like