এজিচিএলৰে কেয়ার্ন অইলৰ বুজাবুজি চুক্তি
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ দেশৰ ব্যক্তিগত অন্বেষণ আৰু উৎপাদন কোম্পানী কেয়ার্ন অইল এণ্ড গেছে ৰাজ্য চৰকাৰৰ গেছ উৎপাদন আৰু বিতৰণ কোম্পানী (এ জি চি এল)ৰ সৈতে বৃহস্পতিবাৰে এক চুক্তিত উপনীত হয়৷ এই চুক্তি অনুসৰি এ জি চি এলে কেয়ার্নৰ হাজাৰিগাঁও ক্ষেত্রৰ পৰা এক লাখ এছ চি এম ডিসমৃদ্ধ গেছ ক্রয় কৰিব৷ অসম চৰকাৰৰ পৰিবহণ, উদ্যোগ আৰু বাণিজ্যমন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ উপস্থিতিত আজি এই চুক্তি স্বাক্ষৰিত হয়৷
চুক্তি সন্দর্ভত মন্ত্রী পাটোৱাৰীয়ে কয় যে এই চুক্তিৰ জৰিয়তে অসমৰ বহুকেইটা প্রতিষ্ঠান লাভান্বিত হ’ব৷ বিশেষকৈ চাহ উদ্যোগৰ ক্ষেত্রত এই চুক্তিয়ে বিশেষ প্রভাৱ পেলাব৷ মন্ত্রীগৰাকীয়ে ইন্দ্রধনুষ গেছ গ্রিড লিমিটেডে বাৰাউনীৰ পৰা গুৱাহাটীলৈ বহুওৱা পাইপলাইনৰ কথা উল্লেখ কৰি কয় যে এই পাইপলাইনে বহু উদ্যোগক গেছ যোগানৰ ক্ষেত্রত সহায় কৰাৰ লগতে আর্থিক উন্নয়নৰ ক্ষেত্রতো যথেষ্ট প্রভাৱ পেলাব৷ ইফালে, উদ্যোগ–বাণিজ্যমন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে আজি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত কয়ৰ ব’ড অৱ ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত নর্থ–ইষ্ট কয়ৰ এক্সপ’খন উদ্বোধন কৰে৷ তেওঁ ভাষণত কয় যে বাঁহ উদ্যোগৰ পাছত কয়ৰ উদ্যোগে দৈনন্দিন জীৱনত যথেষ্ট অপৰিহার্য সামগ্রী যোগান সম্ভৱ কৰি তুলিছে৷