এফ চি আইৰ গাড়ীত সৰবৰাহ হয় চোৰাং গৰু; ৰাইজে জব্দ কৰিলে গৰু ভৰ্তি ট্ৰাক
নিয়মীয়া বাৰ্তা, ২২ জুলাইঃ চোৰাং গৰু সৰবৰাহৰ কৰিড’ৰত পৰিণত হৈছে নগাওঁ। উজনি অসম, উত্তৰ অসম আৰু নগাঁৱৰ বিভিন্ন ঠাইৰ পৰা নগাওঁ জিলাৰ মাজেৰে মেঘালয়, বাংলাদেশ আদিলৈ দীৰ্ঘদিন ধৰি চোৰাং গৰু সৰবৰাহ হৈ আহিছে। শেহতীয়াভাৱে নগাঁৱত উন্মোচিত হৈছে এক ভয়ংকৰ তথ্য। ভাৰতীয় খাদ্য নিগমৰ গাড়ীত চোৰাং গৰু সৰবৰাহৰ এক তথ্য আজি পোহৰলৈ আহিছে।
নগাওঁ চহৰৰ সমীপৰ মাজৰআটি চাৰিআলিত আজি নিশা প্ৰায় ৯ বজাত স্থানীয় ৰাইজে এখন গৰু ভৰ্তি ট্ৰাক জব্দ কৰাৰ পিছতেই এই তথ্য পোহৰলৈ আহিছে। এ এছ ০৫-৭১৭২ নম্বৰৰ ট্ৰাক খনেৰে চোৰাং গৰু সৰবৰাহ কৰাৰ এক চেষ্টা ব্যৱসায়ীৰ। এই ট্ৰাক খনৰ গ্লাছত এফ চি আইৰ ফলক মৰা আছিল। এফ চি আইৰ (ভাৰতীয় খাদ্য নিগম) ফলক থকা ট্ৰাকত কেনেকৈ চোৰাং গৰু সৰবৰাহৰ চেষ্টা কৰা হৈছিল তাক লৈ ব্যাপক চৰ্চা হৈছে। ট্ৰাক খনত ৩০টাৰো অধিক পশুধন আছিল। এই ক্ষেত্ৰত নগাওঁ আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হব। সম্প্ৰতি ট্ৰাক খনৰ চালক পলাতক অৱস্থাত আছে।