ওডালগুৰিৰ বামুণজুলিত কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন বড়োলেণ্ড ছাত্ৰ সন্থাৰ
নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ বড়োলেণ্ড ছাত্ৰ সন্থাই ওডালগুৰিৰ ভাৰত-ভূটান সীমান্ত অঞ্চল বামুনজুলিত পৰা সদ্য ঘোষিত হাইস্কুল আৰু উচ্ছতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে।আজি বামুণজুলি ৰাজহুৱা প্ৰেক্ষাগৃহত নোনাই ছেৰফাং ব্লক যুৱ বিপিএফৰ সভাপতি কুলেন নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অভিনন্দন অনুষ্ঠানত বিটিচিৰ নোনাই ছেৰফাং পৰিষদীয় সমষ্টিৰ প্ৰাক্তন সদস্য সুৰেশ তান্তী,বিপিএফ নেতা ৰঞ্জিত ডেকাকে ধৰি কেবাগৰাকী বিশিষ্টলোক উপস্থিত থাকে।সভাত বক্তা সকলে ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলটোৰ পৰা যাতে অনাগত দিনত হাইস্কুল শিক্ষান্ত আৰু উচ্ছতৰ মাধ্যমিক পৰীক্ষাত যাতে আৰু অধিক ছাত্ৰ-ছাত্ৰীয়ে অঞ্চলটোলৈ অধিক সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়ায়।অভিনন্দন অনুষ্ঠানত হাইস্কুল আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৩৮ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন।কৰে সংগঠনটোৱে।