ক’ভিড–১৯ৰ হটস্পটত ৰাজ্যৰ কাৰাগাৰ: ১২খন জে’লৰ ৫৭২ কয়দীৰ দেহত ক’ৰোনা
নিয়মীয়া বার্তা, ২৬ জুলাইঃ মাৰাত্মক ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ হটবেডত পৰিণত হৈছে ৰাজ্যৰ কাৰাগাৰসমূহ৷ এখনৰ পিছত আন এখন কাৰাগাৰত নিতৌ চিনাক্ত হৈছে ক’ৰোনা আক্রান্ত হাজোতী৷ ৰাজ্যৰ মুঠ ১২খন কাৰাগাৰত ৫৭২জন হাজোতী ক’ৰানাত আক্রান্ত হৈছে৷ প্রাপ্ত তথ্য অনুসৰি, গুৱাহাটীস্থ কেন্দ্রীয় কাৰাগাৰত সর্বাধিক ৪৩৫জন হাজোতীৰ শৰীৰত ধৰা পৰিছে ক’ভিড–১৯৷ তদুপৰি নগাঁও কাৰাগাৰত ৬৩জন, যোৰহাট কাৰাগাৰত ৬জন, তেজপুৰ কাৰাগাৰত ২জন, শিলচৰ কাৰাগাৰত ১জন, গোলাঘাট কাৰাগাৰত ৫২জন, মঙলদৈ কাৰাগাৰত ৩জন, ধুবুৰী কাৰাগাৰত ১জন, ওদালগুৰি কাৰাগাৰত ৪জন, ডিফু কাৰাগাৰত ২জন, কোকৰাঝাৰ কাৰাগাৰত ২জন আৰু তিনিচুকীয়া কাৰাগাৰত ১জন হাজোতী ক’ৰোনাত আক্রান্ত হৈছে৷ ইতিমধ্যে ২১২জন হাজোতী সুস্থ হৈ উঠিছে৷
উল্লেখ্য যে কাৰাগাৰসমূহত ক’ৰোনাৰ সংক্রমণ ঘটাৰ পিছত কনটেইনমেণ্ট জ’ন ঘোষণা কৰাৰ লাগে লগে কেতবোৰ সমস্যাৰ সৃষ্টি হৈ আহিছে৷ বিশেষকৈ বিভিন্ন গোচৰত অভিযুক্তক গ্রেপ্তাৰ কৰাৰ পিছত কাৰাগাৰলৈ প্রেৰণ কৰাত অসুবিধাৰ সৃষ্টি হৈছে৷ তদুপৰি ক’ভিডত আক্রান্ত হোৱাৰ পিছত চিকিৎসালয়ত ভর্তি কৰা হাজোতীৰ সুৰক্ষাও আন এক প্রত্যাহ্বান হিচাপে থিয় দিছে৷ কিছুদিন পূর্বে সোণাপুৰৰ এখন চিকিৎসালয়ৰ পৰা ক’ভিড আক্রান্ত এজন হাজোতী পয়ালন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ এনে পৰিস্থিতিত কাৰাগাৰৰ হাজোতীসকল ক’ৰোনাত আক্রান্ত হ’লে বিকল্প ব্যৱস্থা গ্রহণ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ যাৰ পৰিপ্রেক্ষিতত বহুকেইখন কাৰাগাৰৰ ভিতৰত ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে কাৰাগাৰ কর্তৃপক্ষই৷ যাতে কাৰাগাৰৰ ভিতৰতে ক’ভিডত আক্রান্তসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা যায়৷ উল্লেখ্য যে কাৰাগাৰৰ ভিতৰত হোৱা ক’ভিড সংক্রমণক লৈ উদ্বিগ্ণতা প্রকাশ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়েও৷
ইতিমধ্যে এই সন্দর্ভত নিজাববীয়া গোচৰ ৰুজু কৰি উচ্চ ন্যায়ালয়ে কাৰাগাৰসমূহৰ মহাপৰিদর্শকক সমূহ তথ্য শপতনামা আকাৰে দাখিল কৰিবলৈ নির্দেশ দিছে৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি কাৰাগাৰসমূহত যাতে সামাজিক দূৰত্বৰ নীতি কার্যকৰী কৰিব পৰা যায় তাৰ বাবে বিশেষ নির্দেশনা জাৰি কৰিছিল উচ্চতম ন্যায়ালয়ে৷ এই নির্দেশনাৰ ভিত্তিত লঘু অপৰাধত অভিযুক্ত হাজোতীক ব্যক্তিগত জামিনত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ ৰাজ্যত বর্তমানলৈ প্রায় ১৫০০ হাজোতীক ব্যক্তিগত জামিনত মুকলি কৰি দিয়া হৈছে৷ একে সময়তে বর্তমান কাৰাগাৰত থকা ৩৭৬জন বিচাৰাধীন বন্দীক মুকলি কৰি দিয়াৰ যো–জা চলাইছে কাৰাগাৰ কর্তৃপক্ষই৷ ইতিমধ্যে এই সন্দর্ভত ৰাজ্য চৰকাৰৰ কালি এখন বৈঠক অনুষ্ঠিত হৈছে৷ বিচাৰাধীন বন্দী মুকলিৰ বাবে যাৱতীয় অনুমতি বিচাৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ অধীনত গঠন কৰা উচ্চ ক্ষমতাসম্পন্ন কমিটীলৈ পত্র প্রেৰণ কৰিছে চৰকাৰে৷