নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰত দুৰ্ঘটনা, থিতাতে নিহত এগৰাকী যুৱতী, আহত ৩জন

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ কলিয়াবৰৰ চতিয়ালত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ গছত খুন্দা এখন এল্ট বাহনৰ। দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী যুৱতী গুৰুতৰভাৱে আহত ৩জনকৈ লোক। নিহত যুৱতীগৰাকীৰ নাম ৰুণুশ্ৰী শৰ্মা।

            দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এগৰাকী মহিলাসহ দুজন লোক। আহত লোককেইজনক ভৰ্তি কৰা হৈছে হাস্পতালত। এজনক সংকটজনক অৱস্থাত তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

 

You might also like